ETV Bharat / state

Assam Police's War Against Drugs: কাৰ্বি আংলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়

author img

By

Published : Jan 4, 2023, 7:18 PM IST

Assam Police's War Against Drugs
কাৰ্বি আংলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ একেদিনাই দুটাকৈ পৃথক স্থানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ভাং-নিচাযুক্ত কেপচুল আৰু অবৈধ বিলাতী সুৰা(Assam Police's War Against Drugs) ৷ ঘটনাৰ লগত জড়িত থকা সন্দেহত এজনক গ্ৰেপ্তাৰ ৷

কাৰ্বি আংলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়

ডিফু, ৪ জানুৱাৰী: কাৰ্বি আংলঙৰ বকলীয়াঘাট নগৰৰ মাজমজিয়াত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নিচাযুক্ত কেপচুলসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Karbi anglong police seized cannabis) । উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলাই লাভ কৰে এই সফলতা ৷

উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সদৰী কৰা অনুুসৰি, আৰক্ষীৰ দলটোৱে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি দিনৰ প্ৰায় ১০.৩০ বজাত বকলীয়াঘাট নগৰৰ মাজমজিয়াস্থিত আটিগাঁও অটʼৰিক্সা আস্থানৰ সমীপৰ বাবুল বাৰভূঞাৰ ঘৰত তালাচী চলায় । উক্ত অভিযানত আৰক্ষীৰ দলটোৱে বাবুল বাৰভূঞাৰ ঘৰত লুকুৱাই থোৱা অৱস্থাৰ পৰা ১,০৩৮ গ্ৰাম গাঞ্জা আৰু ১০২ টা নিচাযুক্ত কেপচুল জব্দ কৰে ।

আৰক্ষীয়ে বাবুল আলিক গ্ৰেপ্তাৰ কৰি বকলীয়াঘাট থানাত ০২/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, একেদিনাই আৰক্ষীৰ দলটোৱে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ডিলাই আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আজি পুৱাৰ ভাগত লাহৰিজানত নাকা তালাচী চলায় ৷

এই তালাচী অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে দুখন মালবাহী টাটা যোদ্ধা বাহনৰ পৰা ২০০ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়(Illegal liquor seized in Karbi Anglong) ৷ আৰক্ষীয়ে সুৰাখিনি সৰবৰাহৰ লগত জড়িত তিনিটা সৰবৰাহকাৰীকো আটক কৰে ৷ জানিব পৰা অনুসৰি, সৰবৰাহকাৰীকেইটাই সুৰাখিনি হোজাইৰ পৰা নাগালেণ্ডৰ ক’হিমালৈ সৰবৰাহৰ চেষ্টা চলাইছিল ৷

সৰবৰাহকাৰীকেইটাই অতি কৌশল অৱলম্বন কৰি ক্ৰমে NL 07 AA 1731 আৰু AS 01PB 3829 পঞ্জীয়ন নম্বৰৰ বাহনৰ ভিতৰত কণীৰ কাৰ্টনেৰে ঢাকি লুকুৱাই অবৈধ বিলাতী সুৰাখিনি সৰবৰাহকৰাৰ চেষ্টা কৰিছিল ৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 7 লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ।

কাৰ্বি আংলং জিলা আৰক্ষীয়ে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে ৷ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলক ড্ৰাগছ সৰবৰাহকাৰীসকলে নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি নিতৌ ন ন কৌশল অৱলম্বন কৰি অবৈধ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে তেনে প্ৰচেষ্টাক প্ৰতিবাৰতে প্ৰতিহত কৰি আহিছে ৷

লগতে পঢ়ক: Dacoits Apprehended With Toy Gun: পল্টন বজাৰ আৰক্ষীৰ জালত দুই ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.