ETV Bharat / state

72nd Karbi Anglong Foundation Day: পাহাৰীয়া জিলাৰ উন্নয়নেই আমাৰ লক্ষ্য: তুলিৰাম ৰংহাং

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:06 PM IST

Karbi Anglong Autonomous Council
কাৰ্বি আংলং জিলাৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

লংনিটত ৭২ সংখ্যক কাৰ্বি আংলং প্ৰতিষ্ঠা দিৱস পালন । এই উপলক্ষে পশু পালন বিভাগৰ দুগ্ধ উন্নয়ন খণ্ডৰ বিপনী আৰু কাৰ্যালয় গৃহ মুকলি ।

কাৰ্বি আংলং জিলাৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিফু, ১৭ নৱেম্বৰ: ১৯৫১ চনৰ ১৭ নৱেম্বৰত গঠন হোৱা কাৰ্বি আংলং জিলাৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদীয় সিংহাসন সমষ্টিৰ লংনিট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় । এই উপলক্ষে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে লংনিটত কাৰ্বি ছাত্ৰ সন্থাৰ এটা কাৰ্যালয় উদ্বোধন কৰে । লংনিটত কাৰ্বি পৰম্পৰাগত পূজা-অৰ্চনাৰ বাবে এটা গৃহ উন্মোচন কৰা হয় । ইয়াৰ লগতে পশু পালন বিভাগৰ দুগ্ধ উন্নয়ন খণ্ডৰ এটা বিপণি আৰু এটা কাৰ্যালয় গৃহ মুকলি কৰে ৰংহাঙে ।

লংনিটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰংহাঙে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই মুকলি সভাত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন,বিধায়ক ক্রমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ', উপাধ্যক্ষ অজিত কুমাৰ দে আদি । অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ভাষণ প্রদান কৰি কয় যে দেশ স্বাধীন হোৱাৰ সময়তে গঠন হোৱা জিলাখনে বিগত ১০টা বছৰত তুলিৰাম ৰংহাঙৰ নেতৃত্বত দোপতদোপে উন্নতি কৰিছে । অদূৰ ভবিষ্যতেও দুয়োখন পার্বত্য জিলাত উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি তেওঁ আশা ব্যক্ত কৰে । বিধায়ক বিদ্যাছিং ইংলেঙে তেওঁ পূর্বে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল যদিও এনেধৰণৰ উন্নয়ন সম্ভৱ হোৱা নাছিল বুলি উল্লেখ কৰে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ড০ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত এতিয়া উন্নয়নৰ ঢল বৈছে বুলি কয় ।

বিধায়ক দৰছিং ৰংহাং আৰু বিধায়ক ৰূপছিং টেৰণেও সভাত ভাষণ প্রদান কৰি ১৯৫১ চনত জিলা গঠন হোৱাৰ পাছত ১৯৫২ চনত পৰিষদ গঠন হোৱাৰ সময়ত পৰিষদৰ অধ্যক্ষ এগৰাকী অনা-কাৰ্বি বিষয়া চি এছ বুথ আছিল বুলি উল্লেখ কৰে । পৰিষদৰ প্ৰথমগৰাকী নির্বাচিত সদস্য মোহন বৰা আৰু উপাধ্যক্ষ জনার্দন পাঠক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দুয়োখন পার্বত্য জিলাত বিভিন্ন জাতি-জনগোষ্ঠী বসবাস কৰি আছে । দুয়োখন পাহাৰীয়া জিলাৰ উন্নয়নেই বর্তমান চৰকাৰৰ লক্ষ্য বুলি ৰংহাঙে উল্লেখ কৰে ।

ৰংহাঙে বিগত ১০টা বছৰে পৰিষদে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ব্য়াখ্য়া কৰে । তেওঁ পৰিষদে উন্নয়নত অধিক মনোনিবেশ কৰা বুলি উল্লেখ কৰি কয়, " পাহাৰীয়া জিলাৰ উন্নয়নে আমাৰ লক্ষ্য । আমাৰ পাহাৰীয়া জিলাৰ ছাত্র-ছাত্রীসকল কেন্দ্ৰ আৰু ৰাজ্যৰ অসামৰিক সেৱাৰ চাকৰিৰ বাবে আমি সুকীয়াকে পাঠদান আৰম্ভ কৰিছে । দুয়োখন পার্বত্য জিলাত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়, ইঞ্জিনীয়াৰিং কলেজ, কৃষি মহাবিদ্যালয়, হোটেল মেনেজমেন্ট আদি প্রতিষ্ঠান অতি শীঘ্ৰে নিৰ্মাণ সম্পূর্ণ হোৱাৰো দাবী কৰে ৰংহাঙে । বিৰোধী দলক তীব্র সমালোচনা কৰি বিৰোধীৰ অপপ্ৰচাৰত ভোল নাযাবলৈ ৰংহাঙে আহ্বান জনায় ।

লগতে পঢ়ক:অসমত শূঁৰ পোক নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.