ETV Bharat / state

অসমত শূঁৰ পোক নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:15 PM IST

ধাননি পথাৰসমূহক শূঁৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে লোৱা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷ কৃষি বিভাগৰ সহায়ত প্ৰয়োজনীয় সামগ্ৰীসমূহ কৃষকসকলক যোগান ধৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে ৷

Attack of Armyworm
মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

গুৱাহাটী, 17 নৱেম্বৰ : অসমৰ বিভিন্ন অঞ্চলৰ পথাৰত এতিয়া শূঁৰ পোকৰ ত্ৰাস ৷ নিশাটোৰ ভিতৰতে শূঁৰ পোকৰ আক্ৰমণত শ-শ বিঘা ধাননি পথাৰ উছন হৈ পৰিছে ৷ এই শূঁৰ পোকে এতিয়া টোপনি কাঢ়িছে কৃষকৰ ৷ চূড়ান্ত হতাশাত ভুগিছে কৃষক ৰাইজ ৷

উল্লেখযোগ্য যে কৃষকৰ সেউজীয়া ধাননি পথাৰে এতিয়া সোণালী ৰূপ লোৱাৰ সময় ৷ এই সময়ত কৃষকৰ মুখত হাঁহি বিৰিঙে ৷ কিন্তু এতিয়া অসমৰ কৃষকৰ চকুলো বৈছে ৷ হাড়ভঙা পৰিশ্ৰমেৰে কৰা ধান খেতিত এতিয়া শূঁৰ পোকে চলাইছে সন্ত্ৰাস ৷ ধাননি পথাৰত শূঁৰ পোকৰ জাক আহি নিশাটোৰ ভিতৰতে ধানৰ থোকবোৰ কাটি শ শ বিঘা মাটিৰ ধান খেতি উছন কৰি পেলাইছে ৷ একোখন পথাৰ তহিলং কৰি সমূলি নষ্ট কৰিছে ধান ৷

একাংশ কৃষকে সদৰী কৰা মতে এই পোকটোৱে দিনতকৈ নিশাৰ ভাগতহে ধানৰ থোকত আক্ৰমণ চলায় ৷ বহু কৃষকে ধাননি পথাৰৰ পৰা শস্য চপাই ঘৰলৈ নিয়াৰ সম্ভাৱনা নোহোৱা কৰি পেলাইছে শূঁৰ পোকে ৷ এই সন্দৰ্ভত অসম কৃষি বিভাগৰ লগত যোগাযোগ কৰা‌ হৈছিল যদিও শূঁৰ পোকে নষ্ট কৰা খেতিপথাৰৰ তথ্য সদৰী কৰাৰ পৰা‌ বিৰত থাকে ৷ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী কৃষি বিষয়াই কয় যে কৃষি উন্নয়ন বিষয়াসকলে বিভিন্ন অঞ্চলৰ কেইবাখনো ধাননি পথাৰ পৰিদৰ্শন কৰি আছে ৷ পথাৰত শূঁৰ পোকে ধানৰ থোক কাটি তহিলং কৰাৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে ৷ সকলো তথ্য অহাৰ পিছত কৃষি বিভাগে এই তথ্য ৰাজহুৱা কৰিব ৷

ইফালে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সিং যোগে জিলা আয়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ ৰাজ্যৰ ধাননি পথাৰসমূহক শূঁৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে লোৱা ব্যৱস্থাৱলীৰ সন্দৰ্ভত তেওঁ বুজ লয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ব্যৱস্থা গ্ৰহণৰ লগতে কৃষি বিভাগৰ সহায়ত প্ৰয়োজনীয় সামগ্ৰীসমূহ কৃষকসকলক যোগান ধৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰাৰ কথা এক্স (টুইটাৰ) ত উল্লেখ কৰে ৷

উল্লেখ্য যে শূঁৰ পোক বৰ্তমান সময়ত অতিশয় অনিষ্টকাৰী কীট হিচাবে পৰিগণিত হৈছে ৷ তামিলনাডুত 1937 চনতে প্ৰথমবাৰৰ বাবে দেখা দিয়া পোকবিধ বৰ্তমান প্ৰায়বোৰ ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে ৷ এই পোকবিধ অত্যন্ত ক্ষতিকাৰক আৰু ইয়াৰ প্ৰাদুৰ্ভাৱৰ লগে লগেই নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ জৰুৰী ৷ 2016 চনত এই পোকবিধে অসমত ত্ৰাস সৃষ্টি কৰিছিল ৷ এইবাৰ আকৌ এই পোকবিধে অসমত ত্ৰাস আৰম্ভ কৰিছে ৷ কিন্তু এইক্ষেত্ৰত অসমৰ কৃষি বিভাগে কাগজে-পত্ৰইহে কাম কৰি আছে ৷

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলৈ শীতৰ আগমন, হ্ৰাস পাইছে সৰ্বনিম্ন তাপমাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.