ETV Bharat / state

Karbi Anglong gunotsav 2023: শিক্ষাৰ পোহৰেৰে পোহৰাব কাৰ্বি ভূমিক, কাৰ্বি পাহাৰত আৰম্ভ গুণোৎসৱ 2023

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:46 PM IST

Karbi Anglong gunotsav 2023
শিক্ষাৰ পোহৰেৰে পোহৰাব কাৰ্বি ভূমিক

কাৰ্বি পাহাৰত শিক্ষাৰ বিপ্লৱ ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে নিজাকৈ প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে গুণোৎসৱৰ ৷

শিক্ষাৰ পোহৰেৰে পোহৰাব কাৰ্বি ভূমিক

ডিফু, 18 অক্টোবৰ : পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক শিক্ষাৰ পোহেৰেৰে অধিক পোহৰাই তুলিবলৈ পৰিষদে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত এইবাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগে নিজাববীয়াকৈ আয়োজন কৰিছে গুণোৎসৱৰ ৷

আজিৰে পৰা তিনিদিনীয়াকৈ দুয়োখন পাহাৰীয়া জিলাতে অনুষ্ঠিত হৈছে গুণোৎসৱ ৷ বুধবাৰে ডিফুৰ ৰংনিহাং প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ উপৰিও আন্তঃগাঁথনিৰো বুজ লয় মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷

পাহাৰীয়া জিলা দুখনৰ শিক্ষাৰ মান পূৰ্বতকৈ যথেষ্ট উন্নত কৰাৰ স্বাৰ্থতে পৰিষদে নিজাববীয়াকৈ গুণোৎসৱৰ আয়োজন কৰা বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ জিলা দুখনৰ প্ৰতিখন প্ৰাথমিক, মধ্য ইংৰাজী, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে ৷

‘‘পৰিষদৰ শিক্ষা বিভাগে যদিও গুণোৎসৱ আয়োজন কৰিছে তথাপিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা গুণোৎসৱ জিলা দুখনত অনুষ্ঠিত হ'ব ৷ তিনিদিন ধৰি হ’ব লগা গুণোৎসৱত পাহাৰীয়া জিলা দুখনৰ 1,953 খন বিদ্যালয়ৰ 1,25,769 গৰাকী ছাত্ৰ-ছাত্ৰীক সাঙুৰি ল’ব ৷’’ এই মন্তব্য ৰংহাঙৰ ৷

পৰিষদে কিয় নিজাববীয়াকৈ গুণোৎসৱ আৰম্ভ কৰিলে সেই সন্দৰ্ভত ৰংহাঙে কয়, ‘‘ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল গুণোৎসৱ ৷ ফলত শিক্ষাৰ মানদণ্ড উন্নত হৈছে ৷ সেয়ে আমিও এই ব্যৱস্থা গ্ৰহণ কৰিছো ৷"

লগতে পঢ়ক:Illegal Burmese Supari seized: খটখটীত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.