ETV Bharat / state

KAAC Polling : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Jun 8, 2022, 12:14 PM IST

আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ (KAAC election 2022 polling) অনুষ্ঠিত হৈছে ৷ উল্লেখ্য যে, এইবাৰৰ কাৰ্বি পৰিষদৰ নিৰ্বাচনত ই ভি এমৰ পৰিৱৰ্তে বেলট পেপাৰত ভোটগ্ৰহণ কৰা হৈছে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ

কাৰ্বি আংলং, 8 জুন : আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ (KAAC election 2022 polling) অনুষ্ঠিত হৈছে ৷ বুধবাৰে পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচন (KAAC election 2022) ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই নিৰ্বাচনত 26 টা পৰিষদীয় সমষ্টিত মুঠ 154 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ

পুৱা 7.30 বজাৰ পৰা বিয়লি 4.30 বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ জিলাখনৰ মুঠ 808 টা ভোট কেন্দ্ৰত 7,03,985 গৰাকীয়ে ভোটদান কৰিব ৷ সাংসদ হৰেন ছিং বে’, চি ই এম তুলিৰাম ৰংহাং, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, বিধায়ক দৰছিং ৰংহাং, বিধায়ক ৰূপছিং টেৰণ, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ভোটদান কৰে ৷ ইতিমধ্যে ভোট কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজে ভোটদান কৰিবলৈ পুৱাৰে পৰা ভিৰ কৰিছে ৷

উল্লেখ্য যে, এইবাৰৰ কাৰ্বি পৰিষদৰ নিৰ্বাচনত ই ভি এমৰ পৰিৱৰ্তে বেলট পেপাৰত ভোটগ্ৰহণ কৰা হৈছে ৷

লগতে চাওক : KAAC Polling : কাৰ্বি ভূমিত 154 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.