ETV Bharat / state

KAAC Polling : কাৰ্বি ভূমিত 154 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত

author img

By

Published : Jun 8, 2022, 7:16 AM IST

KAAC election 2022 polling
KAAC election 2022 polling

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ (KAAC election 2022) ৷ মুঠ 26 টা পৰিষদীয় সমষ্টিত মুঠ 154 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত ৷

নিউজ ডেস্ক, 8 জুন: আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ (KAAC election 2022 polling)৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 26 টা পৰিষদীয় সমষ্টিত মুঠ 154 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত ৷ মুঠ 808 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে কাৰ্বি আংলঙৰ তিনিখন নিৰ্বাচনী জিলাত (KAAC election 2022)৷

এই নিৰ্বাচনত ভোটদান কৰিব লগীয়া ভোটাৰৰ মুঠ সংখ্যা হৈছে 7,03,985 গৰাকী ৷ ইয়াৰে 3,55,830 গৰাকী হৈছে পুৰুষ ভোটাৰ আৰু 3,48,150 গৰাকী মহিলা ভোটাৰ ৷ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 5 গৰাকী ৷ পূৱ আৰু পশ্চিম কাৰ্বি আংলং দুয়োখন জিলাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে সামৰি লৈছে যদিও নিৰ্বাচনৰ ক্ষেত্ৰত ইয়াত তিনিখন নিৰ্বাচনী জিলাৰ অধীনত সমষ্টিবোৰ বিভক্ত কৰা হৈছে ৷

হামৰেণ নিৰ্বাচনী জিলাৰ পৰিষদীয় সমষ্টি কেইটা হৈছে দুৱাৰ আমলা, আমৰি, চিণ্ঠং, ছচেং, ৰংখাউ, বিথুং ৰেংথামা, কপিলী, হামৰেণ আৰু আমৰেং পৰিষদীয় সমষ্টি । ডিফু নিৰ্বাচনী জিলাত আছে হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, মহামায়া, নমাটি, লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টি ৷ একেদৰে বোকাজান নিৰ্বাচনী জিলাৰ অধীনত আছে ছচেংধেন্টা, বৰজান, সৰুপথাৰ, বোকাজান, দেউপানী, নিলীপ আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টি ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিথুং ৰেংথামা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

লগতে পঢ়ক : কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: নিৰ্ণয় হ'ব ১৫৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.