ETV Bharat / state

কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: নিৰ্ণয় হ'ব ১৫৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Jun 7, 2022, 9:13 PM IST

কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোট গ্ৰহণ ৷ ১৫৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭,০৩,৯৮৫ গৰাকী ভোটাৰে ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩,৪৯, ৮৩০ গৰাকী, মহিলা ভোটাৰৰ সংখা হৈছে ৩,৪৮,১৫০ গৰাকী ৷

কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

ডিফু, 7 জুন: বিগত প্ৰায় এপষেকজুৰি কাৰ্বি আংলং স্বায়ত্তশাসিত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ পক্ষৰ বিভিন্ন ৰথী-মহাৰথীয়ে নিজা নিজা প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ জোৰদাৰ প্ৰচাৰ চলোৱাৰ পিছত আহি পৰিল বহু প্ৰত্যাশিত ভোট গ্ৰহণৰ দিন৷ কাইলৈ অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচন (KAAC election will be held tomorrow) ৷ ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷

কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

দুটা পৰ্যায়ত নিৰাপত্তাৰক্ষীৰ লগতে পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ ভোট গ্ৰহণৰ যাৱতীয় সামগ্ৰী সমূহ লৈ ৰাওনা হৈছে ৷ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আন্তৰ্গত দুৱাৰ আমলা,আমৰি,চিণ্ঠং,ছচেং,ৰংখাং,বিথুং,ৰেংথামা,কপিলী,হামৰেণ,আমৰেং,হাওৰাঘাট,কৰকাণ্ঠি, মহামায়া, নমাটি,ছচেং ধেণ্টা ,বৰজান, সৰুপথাৰ, বোকাজান, দেওপানী,নিলীপ, দুৱাৰবাগৰি,লুম্বাজং, ধনশিৰি, সিংহাসন,লাংফেৰ, ফুলনি আৰু লাংহিন এই ২৬ টা পৰিষদীয় সমষ্টিত এইবাৰ মুঠ ৮০৮ টা ভোট কেন্দ্ৰত ১৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,০৩,৯৮৫ গৰাকী ভোটাৰে (7,03,985 voters will cast their vote) ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩,৪৯, ৮৩০ গৰাকী, মহিলা ভোটাৰৰ সংখা হৈছে ৩,৪৮,১৫০ গৰাকী ৷ ৫ গৰাকী উভয়লিংগৰ ভোটাৰেও ভোটদান কৰিব এইবাৰৰ নিৰ্বাচনত ৷

লগতে পঢ়ক: অসম জাতীয় বিদ্যালয়: এশ শতাংশ উত্তীর্ণ, এজনে দখল কৰিলে স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.