ETV Bharat / state

কাৰ্বি আংলং প্ৰশাসনৰ উচ্ছেদ অভিযান: জেচিবিত ধৰি কান্দি উঠিল উচ্ছেদিত মহিলাই

author img

By

Published : Jan 30, 2022, 8:38 PM IST

eviction
খানবস্তিত কাৰ্বি আংলং প্ৰশাসনৰ উচ্ছেদ অভিযান

কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ উচ্ছেদ অভিযান অব্যাহত আছে । পুনৰ কাৰ্বি আংলঙত চলিল প্ৰশাসনৰ উচ্ছেদ (Eviction in khanbasti)। নাগালেণ্ড সীমান্তৰ খানবস্তিত উচ্ছেদিত লোক আৰু প্ৰশাসনৰ লোকৰ মাজত সংঘৰ্ষ ।

ডিফু,৩০ জানুৱাৰী: কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ উচ্ছেদ অভিযান । এইবাৰ উচ্ছেদৰ স্থান বালিজানৰ খানবস্তি (Eviction in khanbasti)। খান বস্তিত দেওবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান (Karbi Anglong administrations eviction drive in Khanbasti) । এই উচ্ছেদৰ মাজতে বেদখলকাৰী আৰু নিৰাপত্তা ৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় ।

উত্তেজিত লোকক আৰক্ষী, নিৰাপত্তা বাহিনীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় (Tension in eviction at Khanbasti) । উচ্ছেদৰ মাজতে এক কৰুণ দৃশ্যই সকলোকে মৰ্মাহত কৰি তোলে । নগা সম্প্ৰদায়ৰ এগৰাকী উচ্ছেদিত মহিলাই কান্দি কান্দি উচ্ছেদ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ জনায় প্ৰশাসনক ।

মহিলাগৰাকীয়ে জেচিবিত ধৰি উচ্ছেদৰ বিৰুদ্ধে ক্ষোভ উজাৰে । মহিলাগৰাকীয়ে কোৱো মতে ৩০-৪০ বছৰ পূৰ্বেই মাটি ক্ৰয় কৰি তাৰ ঘৰ নিৰ্মাণ কৰিছিল । কিন্তু সেই সময়ত সংশ্লিষ্ট কৰ্তপক্ষই বাধা দিয়াৰ পৰিৱৰ্তে এতিয়া কিয় উচ্ছেদ চলাইছে বুলি প্ৰশ্ন কৰে মহিলাগৰাকীয়ে ।

উচ্ছেদস্থলীত তেওঁৰ পিতৃৰ কবৰ আছে ৷ কবৰৰ পৰা পিতৃৰ মৃতদেহ কেনেকৈ উঠাই লৈ যাব বুলিও প্ৰশ্ন কৰে মহিলাগৰাকীয়ে ৷ ইফালে উচ্ছেদৰ সময়ত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰে খানবস্তিত । উচ্ছেদিত ৰাইজে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:লাহৰিজান বালিজান খান বস্তিত প্ৰশাসনৰ উচ্ছেদৰ অভিযানত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.