ETV Bharat / state

Mukroh Firing: অসম-মেঘালয় সীমান্তৰ মুক্ৰত স্থাপন হ’ব ফৰেষ্ট বেটেলিয়ান কেম্প

author img

By

Published : Nov 29, 2022, 7:48 PM IST

Mukroh Firing
সীমান্তৰ মুক্ৰ পৰিদৰ্শন ড৹ তুলিৰাম ৰংহাঙৰ

অসম-মেঘালয় সীমান্তৰ মুক্ৰ পৰিদৰ্শন কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷ মুক্ৰৰ বন বিভাগৰ বীট কাৰ্যালয়টোৰ পৰিৱৰ্তে ফ’ৰেষ্ট ৰেঞ্জ কাৰ্যালয়লৈ উন্নীত কৰা হ’ব বুলি জানিবলৈ দিয়ে ড৹ তুলিৰাম ৰংহাঙে (KAAC CEM Tuliram Ronghang)৷

ডিফু, ২৯ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ কাৰ্বি ভূমিৰ মুক্ৰত সংঘটিত ঘটনা কোনো সীমা বিবাদ অথবা কাৰ্বি-খাচী-জয়ন্তীয়াৰ মাজত সংঘৰ্ষ নহয় (Firing at Assam Meghalaya border)৷ এই সংঘৰ্ষ বনদস্যুৰ বিৰুদ্ধেহে ৷ এই মন্তব্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ (KAAC CEM Tuliram Ronghang) ৷

সীমান্তৰ মুক্ৰ পৰিদৰ্শন ড৹ তুলিৰাম ৰংহাঙৰ

দিনজোৰা কাৰ্যসূচী লৈ মঙলবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে সংঘৰ্ষৰে জৰ্জৰিত অসম-মেঘালয় সীমান্তৰ কাৰ্বি ভূমিৰ মুক্ৰত পৰিদৰ্শন কৰে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে তেওঁৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সকলো কাৰ্যবাহী সদস্য-সদস্যা, বিধায়ক, সাংসদৰ উপৰিও অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি. পি. সিং(SDGP GP Singh) আৰু জিলা আৰক্ষী অধীক্ষকৰ এটা দলেও মুক্ৰত পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷

ইপিনে শেহতীয়া সকলো পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুক্ৰৰ ঘটনা (Mukroh Firing) কোনো সীমা বিবাদৰ ঘটনা অথবা কাৰ্বি-খাছী-জন্তীয়াৰে সংঘৰ্ষ নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷ সুদীৰ্ঘ বছৰ বছৰ ধৰি কাৰ্বি ভূমিত অবৈধভাৱে এচাম খাছী-জন্তীয়াৰ দুষ্কৃতিকাৰী আৰু বনদস্যুয়ে কাঠ চুৰি কৰি অহাৰ বাবেহে এই সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে তেওঁ কয়, খাচী-জয়ন্তীয়াৰ এচাম বনদস্যুৰ অৰাজকতা আৰু দাবী-ধমকিক নেওচি কৰ্বত্য পালন কৰা বনকৰ্মী আৰু ফৰেষ্ট প্ৰটেক্টছন ফ’ৰ্চে উক্ত সীমান্তৱৰ্তী অঞ্চলত দিনে-নিশাই কৰ্তব্য পালন কৰি চোৰাংভাৱে সৰৱৰাহ কৰা ২৩ খন কাঠভৰ্তি ট্ৰাক জব্দ কৰে ৷ ইয়াৰোপৰি ৮ টাকৈ ম’হ জব্দ কৰা বুলি উল্লেখ কৰি এই গাড়ীসমূহ খেৰণিস্থিত দক্ষিণ বন সংমণ্ডলৰ কাৰ্যালয়ত মজুত কৰি ৰখা বুলি সাংবাদিক মাধ্যমক জানিবলৈ দিয়ে ৷

ইপিনে, বনদস্যুৰে সংঘৰ্ষৰ সময়চোৱাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত মুক্ৰৰ দাঁতি-কাষৰীয়া এচাম খাচী-জন্তীয়াৰ লোকে আহি অগ্নি সংযোগ কৰি থৈ যোৱা বন বিভাগৰ বীট কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণৰ লগতে সম্প্ৰতি মুক্ৰৰ বন বিভাগৰ বীট কাৰ্যালয়টোৰ পৰিৱৰ্তে ফ’ৰেষ্ট ৰেঞ্জ কাৰ্যালয়লৈ উন্নীত কৰা হ’ব বুলিও কয় ড৹ তুলিৰাম ৰংহাঙে ৷

সীমান্তত সঘনাই সংঘটিত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তৰ মুক্ৰত আৰক্ষীৰ ‘সীমা পহৰা চকী’ৰ লগতে বেটেলিয়নৰ কেম্প স্থাপন কৰাৰ কথাও উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ ৰংহাঙে ৷

লগতে পঢ়ক : Assam cabinet in Silchar: শিলচৰৰ কেবিনেটত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.