ETV Bharat / state

খেৰণিত কাঠৰ কুণ্ডাসহ জব্দ ৫ খন ঘোঁৰা গাড়ী

author img

By

Published : Mar 2, 2020, 11:30 PM IST

যিটো সময়ত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা সচেতন ব্যক্তিয়ে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন স্থানত বৃক্ষ ৰোপণ কৰি আহিছে, তেনে সময়তে কিন্ত পশ্চিম কাৰ্বিআংলঙৰ ফৰেষ্ট বজাৰস্থিত মীন পালন বিভাগে নিজৰ চৌহদত থকা গছ কাটি তহিলং কৰাৰ কাৰ্যই ক্ষোভিত কৰিছে অঞ্চলবাসীয়ে ৷

খেৰণি
খেৰণিত কাঠৰ কুণ্ডা সহ জব্দ ৫ খন ঘোঁৰা গাড়ী

ডিফু, ২ মাৰ্চ: খেৰণি ফৰেষ্ট বজাৰৰ পৰা লংকা অভিমুখে অবৈধভাৱে কাঠৰ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত খেৰণি বন বিভাগে জব্দ কৰে ঘোঁৰা গাড়ী ৷ যিটো সময়ত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা সচেতন ব্যক্তিয়ে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন স্থানত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে তেনে সময়তে কিন্ত পশ্চিম কাৰ্বি আংলঙৰ ফৰেষ্ট বজাৰস্থিত মীন পালন বিভাগে নিজৰ চৌহদত থকা গছ কাটি তহিলং কৰাৰ কাৰ্যই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চকু কপালত তুলিছে । কোনো ধৰণৰ বিভাগীয় অনুমতি তথা কাগজ-পত্ৰ নোহোৱাকৈ অবৈধভাৱে ফৰেষ্ট বজাৰস্থিত মীন পালন বিভাগৰ চৌহদৰ পৰা কাঠৰ কুণ্ডা খেৰণি ফৰেষ্ট বজাৰৰ পৰা লংকালৈ লৈ যায় ৷

খেৰণিত কাঠৰ কুণ্ডা সহ জব্দ ৫ খন ঘোঁৰা গাড়ী

গোপন সূত্ৰৰ ভিত্তিত একাংশ সাংবাদিকে বন বিভাগক ঘটনা সন্দৰ্ভত জনোৱাত ঘটনাস্থলীত উপস্থিত হৈ খেৰণি বন বিভাগে জব্দ কৰে ঘোঁৰা গাড়ী কেইখন । কিন্তু প্ৰশ্ন হ'ল কি কাৰণত অথবা কিয় মীন পালন বিভাগৰ অধীনত থকা এখন চৰকাৰী অৰ্থাৎ ৰানাইমা মাছ পোনা উৎপাদন প্ৰতিষ্ঠানখনে কোনো অনুমতি তথা কাগজ-পত্ৰ নোহোৱাকৈ এনেদৰে অবৈধভাৱে গছ কাটি সৰবৰাহ কৰাৰ চেষ্টা চলাইছে । প্ৰতিষ্ঠানখনত চৰকাৰী বিষয়া-কৰ্মচাৰী থকাৰ পিছতো কিদৰে হ'ব পালে এই ঘটনা লক্ষ্যণীয় ৷

আৰু পঢ়কঃ বাক্সাৰ কালপানী মছজিদত ধৰ্মীয় পুথি জ্বলোৱাৰ অভিযোগ দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.