ETV Bharat / state

বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

author img

By

Published : Mar 17, 2022, 9:51 PM IST

huge-amount-of-ganja-seized-at-bokajan
বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

বোকাজান মহকুমাত বৃদ্ধি পাইছে নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ কাৰ্যকলাপ ৷ বোকাজান মহকুমাৰ বৰপথাৰ থানা এলেকাৰ খাকৰাজানত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ গাঞ্জাসহ(Ganja seized at Bokajan) আটক এটা সৰবৰাহকাৰী ৷

ডিফু, 17 মাৰ্চ : বোকাজান মহকুমাৰ বৰপথাৰ থানা এলেকাৰ খাকৰাজানত বৃহস্পতিবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(One person arrested with Ganja) ৷ বোকাখাতৰ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেন্দ্ৰ নাথৰ নেতৃত্বত সহকাৰী উপ-পৰিদৰ্শক বিদ্যা বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক ৷ আটকাধীন সৰবৰাহকাৰীটো নগাঁও জিলাৰ হয়বৰগাঁৱৰ কামাল হুছেইনৰ পুত্ৰ আজমল আলী(26) বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ দলটোৱে গোপন সূত্ৰৰ ভিত্তিত খাকৰাজান নাকা তালাচী পইণ্টত তালাচী চলাই AS 12 AC 3477 নম্বৰৰ এখন বাছৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক ৷ সৰবৰাহকাৰীটোৱে ডিমাপুৰৰ পৰা আহি থকা বাছখনত এটা ক'লা ৰঙৰ প্লাষ্টিকৰ বেগত কঢ়িয়াই আনিছিল গাঞ্জাখিনি ৷ আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীটোৰ পৰা প্ৰায় 52 কেজি গাঞ্জা উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : কাৰ্বি আংলঙৰ ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.