ETV Bharat / state

Exotortion Demand : দলদলিত অস্ত্ৰধাৰী ব্যক্তিৰ ধনদাবী; মাৰণাস্ত্ৰ সহ চাৰি যুৱকক আটক আৰক্ষীৰ

author img

By

Published : Aug 2, 2023, 11:02 PM IST

মঙলবাৰে পুৱতি নিশা ৰাইজৰ পৰা ভয় -ভাবুকিৰে ধন দাবী কৰা চাৰি যুৱকক আটক ডিফু আৰক্ষীৰ ৷ ডিফুৰ সমীপৰ দলদলি এলেকাত কিছু লোকক সামৰিক পোছাক পিন্ধি, হাতত বন্দুক লৈ 7ৰ পৰা 8 লাখ টকাকৈ ধনদাবী কৰিছিল দলটোৱে ৷

Four youths Arrested with Weapons at Diphu
চাৰি যুৱকক আটক

ডিফুৰ সমীপৰ দলদলিত মাৰণাস্ত্ৰ সহ চাৰি যুৱকক আটক

ডিফু, 2 আগষ্ট : যোৱা শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত বৃহৎ পৰিমাণৰ গোলা-বাৰুদ সহ নতুনকৈ আত্মপ্ৰকাশ কৰা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ইউ পি এফ কে এলৰ সেনাধ্যক্ষ সহ দুই দুধৰ্ষ কেডাৰক আটক কৰাৰ পিছতেই মঙলবাৰে পুৱতি নিশা ৰাইজৰ পৰা ভয় -ভাবুকিৰে ধন দাবী কৰা আন চাৰি যুৱকক আটক ডিফু আৰক্ষীৰ ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে ডিফুৰ সমীপৰ দলদলি এলেকাত কিছু লোকক একাংশ যুৱকে সামৰিক পোছাক পিন্ধি, হাতত বন্দুক লৈ 7 ৰ পৰা 8 লাখ টকাকৈ ধনদাবী কৰাৰ কথা আৰক্ষীয় জানিব পাৰে ৷ আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি নিৰ্দিষ্ট সূত্ৰৰ জৰিয়তে দলদলি এলেকাত অভিযান চলাই আটক কৰে ঘটনাৰে জড়িত চাৰিজন যুৱকক ৷ আটকাধীন যুৱক কেইজন আবাচন দাওলাগপু ওৰফে জগ্গু, ছাফা ছৰংফংছা, সন্দীপ চৰংফুং আৰু বিজু গৌড় বুলি জানিব পৰা গৈছে ৷

ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে এটা SBBL বন্দুক, কেমফ্লেজ জেকেট, চাৰিটা ম'বাইল ফোন, এখন মাৰুতি গাড়ী, এখন মটৰ চাইকেল জব্দ কৰিছে ৷ জানিব পৰা মতে ডিফুৰ সমীপৰ নিলালং অঞ্চলতো এই দলটোৱে ধন দাবী কৰিছিল ৷ এই দলটোৱে কোনো সংগঠনৰ নামত ধনদাবী কৰা নাছিল যদিও ইয়াৰ আঁৰত কোনো উগ্ৰপন্থী সংগঠন জড়িত আছে নেকি সেই বিষয়ত জেৰা অব্যাহত ৰাখিছে বুলি ডিফু থানাত এক সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে ৷

ধৃত ব্যক্তিকেইজন কোনো উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য নেকি, সেই বিষয়েটোও আৰক্ষীয়ে পৰ্যালোচনা চলাই আছে বুলি সংবাদ মাধ্যমক অৱগত কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷ আৰক্ষীয়ে ধৃত যুৱককেইজনক আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Arms training by Bajrang Dal:মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্য গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.