বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজনক আটক

author img

By

Published : Aug 27, 2021, 12:36 PM IST

Updated : Aug 27, 2021, 2:19 PM IST

four person apprehended in bokajan
বোকাজানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজনক আটক ()

বোকাজানত সেনা আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনক আটক ৷ আটকাধীন লোককেইজন উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হয় নে নহয় সেই লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

ডিফু, ২৭ আগষ্ট : কাৰ্বি আংলং আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰসহ আটক হ'ল চাৰিজনকৈ লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱাৰ ভাগত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলচৰ জোৱানে চলোৱা এক যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ লোক চাৰিজনক আটক কৰা হয় ৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে এই কথা সদৰী কৰে ৷

বোকাজান থানাৰ অন্তৰ্গত ঘঁৰিয়ালডুবিৰ পৰা আৰক্ষীয়ে লোক চাৰিজনক আটক কৰে ৷ জব্দকৃত অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা 0.22 ৰাইফল আৰু মেগজিন, মেগজিনৰ সৈতে এটা 9 এমএম পিষ্টল, মেগজিনৰ সৈতে দুটা .22 পিষ্টল, এটা চাইনিজ গ্ৰেণেড, এটা দেশীয়ভাৱে নিৰ্মিত গ্ৰেণেড আৰু 0.22ৰ 5 জাঁই সজীৱ গুলী ৷

বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজনক আটক

লগতে পঢ়ক : কাৰ্বি আংলং আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

এই সন্দৰ্ভত আটকাধীন লোক চাৰিজন হৈছে ক্ৰমে ডিফু থানাৰ অন্তৰ্গত দলদলী নিৱাসী ফেকু ঘাটোৱাৰৰ পুত্ৰ ৰাজু ঘাটোৱাৰ, ডিফু থানা অন্তৰ্গত ধনশিৰিৰ মাধৱ উৰাঙৰ পুত্ৰ কৃষ্ণ উৰাং, ডিলাই থানাৰ অন্তৰ্গত হাটকুজান ইছাক কাংগাৰীৰ পুত্ৰ লুকেশ কাংগাৰী আৰু খটখটী থানাৰ অন্তৰ্গত লামা বস্তিৰ প্ৰেমচন্দ হাৰৰ পুত্ৰ ৰবাৰ্ট ৷ আটকাধীন লোককেইজন কোনো উগ্ৰপন্থী দলৰ সদস্য হয়নে নহয় সেই লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ডিফুত ধনদাবী কৰি আটক কেপিএলটিৰ সদস্য

Last Updated :Aug 27, 2021, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.