ETV Bharat / state

Karbi Anglong eviction: চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ

author img

By

Published : Dec 24, 2021, 8:02 PM IST

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction in Karbi Anglong)। উচ্ছেদৰ প্ৰথম পৰ্যায় শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ত উচ্ছেদিত পৰিয়ালে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Karbi Anglong eviction
চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ

ডিফু, ২৪ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উত্তেজনাময় পৰিৱেশ । প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ উত্তজেনা অঞ্চলটোত । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়াল তৰ্ক বিবাদ ।

উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ চলিছিল (Eviction in Karbi Anglong)। ইয়াৰ পাছতে শুকুৰবাৰে পুনৰ সেই স্থানত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে । প্ৰথম পৰ্যায়ৰ উচ্ছেদ শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ অভিযানত একাংশ লোকে প্ৰশাসনৰ লোকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় । দুদু কলনিত থকা এখন মাদ্ৰাছাত উচ্ছেদ চলোৱাৰ সময়তে উত্তেজিত হৈ পৰে লোকসকল । হাতে হাতে বিভিন্ন নথি-পত্ৰ, বেনাৰ আদি লৈ প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত লোকসকলে (Evicted people protest against government in Karbi Anglong)।

চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ

জানিব পৰা মতে কাৰ্বি আংলং ৰাজহ চক্ৰ বিভাগৰ বৰজান মৌজাৰ অন্তৰ্গত মুঠ ১১ টা দাগত প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মতে চৰকাৰী ভূমি বেদখল কৰি দুদু কলনিত একাংশ বেদখলকাৰীয়ে অবৈধভাৱে সাজিছিল বাসগৃহ ৷

লগতে পঢ়ক :বৰপেটাত নিয়োগ মেলাৰ নামত ৰাজ্য চৰকাৰৰ ভেকোঁভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.