ETV Bharat / state

এটা বনৰীয়া হাতীয়ে নিদ্ৰা হাৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ

author img

By

Published : Jul 15, 2020, 12:05 PM IST

মঙলবাৰে নিশা মেনমেজি বহুমুখী সমবায় সমিতিৰ চাউল খায় তহিলং কৰাৰ লগতে চৌহদৰ দেৱাল ভাঙি বিস্তৰ ক্ষতিসাধন কৰে অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে।

elephant-terror-at-karbi-anglong
পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ উপদ্ৰব

হোজাই,15জুলাইঃ এফালে ৰাজ্যত মহামাৰী কৰ‘ণা আৰু বানৰ সংহাৰী ৰূপ আনফালে কিছু-কিছু প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস আৰু উপদ্ৰৱ । মঙলবাৰে নিশা মেনমেজি বহুমুখী সমবায় সমিতিৰ চাউল খাই তহিলং কৰাৰ লগতে চৌহদৰ দেৱাল ভাঙি বিস্তৰ ক্ষতিসাধন কৰে অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে । সমবায়ৰ চাউল মজুত ৰখা গুডামঘৰৰ দুৱাৰ ভাঙি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ প্ৰায় ২-৩ বস্তা চাউল খোৱাৰ লগতে যতে-ততে চটিয়াই বহু পৰিমাণৰ চাউল নষ্ট কৰে হাতীটোয়ে।

পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ উপদ্ৰব

উল্লেখ্য যে, এই ঘটনাৰ এমাহ পূৰ্বেই অনুৰূপ ঘটনা সংঘটিত হৈছিল এই সমবায়খনত। আনহাতে এই তাণ্ডৱৰ পাছতে গাওঁখনৰ সঞ্জয় টেৰাং নামৰ লোকজনৰ লগতে আন দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীটোৱে । আনকি ভঁৰালত মজুত ৰখা ধান,অন্যান্য খাদ্য সামগ্ৰী আদিও খাই তহিলং কৰে হাতীটোয়ে । অৱশ্যে শেহতীয়াকৈ ৰাইজৰ নিদ্ৰা হৰণ কৰি সন্ত্ৰাস সৃষ্টি কৰা হাতীটোক অঞ্চলটোৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় গাওঁখনৰ ৰাইজে।


লগতে পঢ়কঃ বলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.