ETV Bharat / state

Dengue Outbreak: ডিফুত ডেংগুৰ সমান্তৰালকৈ চকু ৰঙা পৰা ৰোগৰ প্ৰাদুৰ্ভাৱ; সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:57 PM IST

ডেংগুৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এইবাৰ ডিফুত প্ৰাদুৰ্ভাৱ ঘটিছে চকু ৰঙা পৰা ৰোগ ৷ বুধবাৰৰ পৰা ডিফু পৌৰ সভা এলেকাত 5 দিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৷

Dengue and Conjunctivitis outbreak
বৰ্তমানেও ডিফু চহৰত অব্যাহত আছে ডেংগুৰ ভয়াৱহ ৰূপ

ডিফু পৌৰ সভা এলেকাত 5 দিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ডিফু, 23 আগষ্ট : ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি পৰিছে চকু ৰঙা পৰা ৰোগ ৷ বৰ্তমানেও ডিফু চহৰত অব্যাহত আছে ডেংগুৰ ভয়াৱহ ৰূপ ৷ এনে এক জটিল সময়তে উদ্বেগজনকভাৱে চহৰখনত প্ৰাদুৰ্ভাৱ ঘটিছে চকু ৰঙা পৰা ৰোগৰ ৷ এই চকু ৰঙা পৰা ৰোগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো ভয়ানকভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷

উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ডেংগু আৰু আৰু চকু ৰঙা পৰা ৰোগক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ এনে পৰিস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ পৰামৰ্শ অনুসৰি শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বুধবাৰৰ পৰা ডিফু পৌৰ সভা এলেকাত 5 দিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৷

বুধবাৰ অৰ্থাৎ 23 আগষ্টৰ পৰা 27 আগষ্টলৈকে বন্ধ থাকিব ডিফু পৌৰ সভা এলেকাৰ সকলো শিক্ষানুষ্ঠান ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীয়ে ৷ লগতে ডেংগু আৰু চকু ৰঙা পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষকো সজাগতামূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

ইফালে ডিফুত 3,252 গৰাকীলৈ বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত তেজ পৰীক্ষা কৰা 219 গৰাকীৰ ভিতৰত 134 গৰাকীয়েই ডেংগু পজিটিভ ৷ প্ৰতি দিনাই অস্বাভাবিকভাৱে বৃদ্ধি পোৱা ডেংগু প্ৰতিৰোধ কৰাত যেন এতিয়া ব্যৰ্থ জিলা স্বাস্থ্য বিভাগ ৷ ফলস্বৰূপে এতিয়া চৰম শংকিত ডিফুবাসী ৰাইজ ৷

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ডেংগুৱে ভয়ংকৰ ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ডেংগুৰ আতংকই জিলা স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন কৰি তুলিছে ৷ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো হ্ৰাস হোৱা নাই সংক্ৰমণ ৷ ফলত শংকিত হৈ পৰিছে ৰাইজ ৷

লগতে পঢ়ক : Chandrayaan 3 landing: জোৰা টাপলি মৰা সম্প্ৰচাৰৰ ব্যৱস্থাৰে কিমান গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.