ETV Bharat / state

আৰক্ষীৰ অভিযানত উদ্ধাৰ হেৰ’ইন: ধৃত দুই

author img

By

Published : Oct 18, 2020, 5:21 PM IST

Updated : Oct 18, 2020, 6:03 PM IST

কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় তিনি কেজি নিষিদ্ধ হেৰ’ইন ৷ যাৰ বজাৰ মূল্য প্ৰায় 21 কোটি টকা ৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকা দুই সৰবৰাহকাৰীক আটক কৰিছে ৷

Drugs recovered in Bokajan karbi anglong assam etv bharat news
হেৰ’ইন উদ্ধাৰ

ডিফু, 18 অক্টোবৰ : কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা । জিলাখনৰ লাহৰিজান আৰক্ষীৰ এটি বিশেষ তালাচীত উদ্ধাৰ হৈছে প্ৰায় 3 কেজি নিষিদ্ধ হেৰ’ইন । অসমৰ চুবুৰীয়া ৰাজ্য ইম্ফলৰ পৰা এএছ 04 এচি 5213 নম্বৰৰ ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল হেৰ’ইনখিনি । জব্দ কৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 21 কোটি টকা হোৱাৰ আংশকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

হেৰ’ইন উদ্ধাৰ

ঘটনাৰ সৈতে জড়িত ট্ৰাক চালক ৰামে গুৰুং(২৭) আৰু হেণ্ডিমেন ভীম গুৰুং(৩৩) ক আটক কৰিছে ডিলাই আৰক্ষীয়ে ৷ উল্লেখ্য যে, অসমত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱহাৰকাৰী আৰু সৰবৰাহকাৰীৰ সংখ্যা ।

Drugs recovered in Bokajan karbi anglong assam etv bharat news
ড্ৰাগছ সৰবৰাহকাৰী আটক

জিলাখনৰ সমীপৱৰ্তী 39, 36, 61 আৰু 53 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মণিপুৰৰ পৰা অসমলৈ প্ৰায়ে সৰবৰাহ হয় বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী । ইতিমধ্যে কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰাৰ বাবে আৰক্ষীয়ে গঠন কৰিছে বিশেষ অভিযানকাৰী দল । এই বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে ।

লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

Last Updated : Oct 18, 2020, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.