ETV Bharat / state

Congress Celebrates 138th Foundation Day: ডিমা হাচাওত পালন কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

author img

By

Published : Dec 28, 2022, 8:08 PM IST

Congress Celebrates 138th Foundation Day
ডিমা হাচাওত পালন কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

বুধবাৰ আছিল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস । ডিমা হাছাও জিলাতো পালন কৰা হয় ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ 138 সংখ্যক প্ৰতিষ্ঠা দিৱস(138th Foundation Day of National Congress) । অনুষ্ঠানত জিলাখনৰ প্ৰবীণ কংগ্ৰেছ নেতাসকলক সম্বৰ্ধনা জনোৱা হয় ৷

ডিমা হাচাওত পালন কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

ডিমা হাছাও 28 ডিচেম্বৰ: সমগ্ৰ দেশৰ লগতে আজি ডিমা হাছাও জিলাতো কংগ্ৰেছ দলে পালন কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ 138 সংখ্যক প্ৰতিষ্ঠা দিৱস(138th Foundation Day of National Congress) । হাফলং ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অজিত সিং(Former minister Ajit Singh), অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰৰ লগতে জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকল । অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা নেতা-কৰ্মীসকলক শ্ৰদ্ধা জনোৱা হয় । ইয়াৰ পাছত জিলাখনৰ প্ৰবীণ কংগ্ৰেছ নেতাসকলক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়(Dima Hasao District Congress) ।

অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী অজিত সিঙে বৰ্তমানৰ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ দিনত দেশৰ নাগৰিকে নিৰাপত্তাহীনতাৰ মাজতে দিন কটাব লগা হৈছে বুলি উল্লেখ কৰে । তেওঁ কয় যে, এই চৰকাৰৰ দিনত জাতি-জাতিৰ মাজতে হিংসা আৰু বিদ্বেষ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ চলিছে । ধৰ্মৰ নামত ৰাজনীত চলিছে । যাৰ বাবে এই হিংসা-বিদ্বেষ দূৰ কৰাৰ বাবে আৰু দেশৰ নাগৰিকসকলৰ লগতে সু-সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে কংগ্ৰেছ দলে ভাৰত জুৰি যাত্ৰা আৰম্ভ কৰিছে ৷ তেওঁ লগতে কয় যে, এই চৰকাৰৰ দিনতে সমগ্ৰ দেশৰ নাগৰিক দ্ৰব্যমূল্য বৃদ্ধিৰ কাৰণে বিপাঙত পৰিছে ৷ পেট্ৰ’ল-ডিজেলতকৈ কেৰাচিনৰ দাম বৃদ্ধি হৈছে ।

তেওঁ আৰু কয় যে, জিডিপিৰ তুলনাত আমি বাংলাদেশৰ তলত আছোঁ ৷ ৰেলৰ পৰা আৰম্ভ কৰি পেপাৰ মিলকে ধৰি দেশৰ বৃহৎ বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰি দিয়া হৈছে ৷ যাৰ ফলত আদানী-আম্বানীকে ধৰি দেশৰ উদ্যোগপতিসকল অধিক লাভবান হৈছে ৷ তেওঁ আৰু কয় যে, বিজেপি ক্ষমতাত অহাৰ আগতে কৈছিল, ইমানদিন কংগ্ৰেছ ক্ষমতাত থকাৰ পিচতো শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ এই অৱস্থাত বিজেপি দল ক্ষমতা আহিলে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেন পথ নিৰ্মাণৰ কাম তিনি বছৰত সম্পূৰ্ণ হ’ব । কিন্তু বিজেপি চৰকাৰ ক্ষমতাত অহাৰ 8 বছৰ পাৰ হোৱাৰ পিচতো এই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম শেষ হোৱা নাই বুলি তেওঁ চৰকাৰখনক সমালোচনা কৰে ।

ইপিনে অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচাই কয়, বিজেপি চৰকাৰখনে সংবিধান ধ্বংস কৰিব বিচাৰিছে আৰু হিটলাৰী শাসন চলাইছে । ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে যিদৰে কংগ্ৰেছৰ নেতাসকলে যুজঁ দিছিল এতিয়া দেশৰ সংবিধান ৰক্ষাৰ বাবে আমি যুঁজ চলাই যাব লাগিব ৷ তাৰ বাবে সকলো কংগ্ৰেছ নেতা-কৰ্মী একলগ হৈ এই যুঁজ চলাই যাব লাগিব ৷

ইপিনে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰেও বিজেপি চৰকাৰৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, দিল্লী দিছপুৰৰ পৰা আৰম্ভ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদলৈকে বিজেপি চৰকাৰৰ গুণ্ডাৰাজ চলাইছে । তেওঁ আগন্তুক লোকসভা নিৰ্বাচন আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে কংগ্ৰেছৰ সকলো নেতা-কৰ্মীক একলগ হৈ কাম কৰি যোৱাৰ বাবে আহ্বান জনায়(Congress Celebrates 138th Foundation Day) ।

লগতে পঢ়ক: Constituency Delimitation in Assam: ৰকিবুল হুছেইনৰ সমষ্টি হ’ব তিনিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.