ETV Bharat / state

Dengue cases rise in Assam: ২৬ খন জিলালৈ সম্প্ৰসাৰিত ডেংগু, আক্ৰান্ত ৫৫১ গৰাকী

author img

By

Published : Nov 9, 2022, 7:52 PM IST

Dengue cases rise in Assam
২৬ খন জিলালৈ সম্প্ৰসাৰিত ডেংগু, আক্ৰান্ত ৫৫১ গৰাকী

ৰাজ্যৰ 26 খন জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলঙৰ ডিফু চহৰত ডেংগুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে (Karbi Anglong in Assam worst hit as dengue cases rise) । কামৰূপ মহানগৰ জিলাতো ডেংগু ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাজ্যত ডেংগুত পাঁচজনলোকে প্ৰাণ হেৰুৱাইছে ।

গুৱাহাটী, 9 নৱেম্বৰ: সাৱধান ! আপুনি জ্বৰত ভুগি আছে নেকি ? তেতিয়াহ’লে সাৱধান হ’ব লাগিব আপুনি । কিয়নো সেয়া কোনো সাধাৰণ জ্বৰ নহ’বও পাৰে ৷ সেয়া হ'ব পাৰে মেলেৰিয়া, ডেংগু কিম্বা জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । ৰাজ্যত এতিয়া ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Dengue cases rise in Assam)।

ৰাজ্যৰ 26 খন জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলঙৰ ডিফু চহৰত ডিফু চহৰত ডেংগুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে (Karbi Anglong in Assam worst hit as dengue cases rise) । সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাতো ডেংগু ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে এতিয়ালৈ ৰাজ্যত ডেংগুত পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মঙলবাৰে এজন ডেংগু ৰোগীৰ মৃত্যু হৈছে । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 7 গৰাকী ডেংগু ৰোগী চিকিৎসাধীন হৈ আছে । বৰ্তমানলৈ ৰাজ্যত 521গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে । কাৰ্বি আংলং জিলাৰ ডিফুত ডেংগুয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে এতিয়ালৈকে কাৰ্বি আংলং জিলাৰ ডিফুত 428 গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে (Dengue cases are increase in Diphu) ।

মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যৰ কাৰ্বি আংলংত জিলাত ৪২৮ গৰাকী, কামৰূপ মহানগৰ জিলাত 29 গৰাকী ডেংগু ৰোগী চিহ্নিত হৈছে । নলবাৰী জিলাত, শিৱসাগৰ, ডিমা হাচাও, কামৰূপ, নগাঁও, চৰাইদেউ জিলা, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, কৰিমগঞ্জ ডিব্ৰগড় আৰু দৰং জিলাত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ।

মনকৰিবলগীয়া যে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাজনো ডেংগু ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে । মনকৰিবলগীয়া যে মহামাৰী ডেংগুৰ বাবে সোমবাৰৰ পৰা অহা 12 নৱেম্বৰ পৰ্যন্ত ডিফু পৌৰসভা এলেকাধীন সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষই ।

ডিফু চহৰৰ চৈধ্যটা ৱাৰ্ডৰ বাবে এগৰাকীকৈ দণ্ডাধীশ আৰু চিকিৎসকৰ নেতৃত্বত 10 ৰ পৰা 30 গৰাকী নাৰ্ছ, আশা কৰ্মীসহ 9 টা দল গঠন কৰা হৈছে । তেওঁলোকে ঘৰে ঘৰে গৈ জ্বৰ হৈ থকা লোক ক'ৰবাত আছে নেকি সেই সম্পৰ্কে জৰীপ আৰম্ভ কৰিছে আৰু থিতাতে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা লৈছে । কিন্তু অতি জনবহুল আৰু ডেংগুৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ কামৰূপ মহানগৰ জিলাৰ লগতে ডেংগু ৰোগী চিহ্নিত হোৱা জিলাত স্থানীয় প্ৰশাসনে ডেংগুৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক: দেশত বাঢ়িছে Dengue সংক্ৰমণ: কিদৰে ৰক্ষা কৰিব নিজকে এই ডেংগুৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.