দেশত বাঢ়িছে Dengue সংক্ৰমণ: কিদৰে ৰক্ষা কৰিব নিজকে এই ডেংগুৰ পৰা

author img

By

Published : Sep 19, 2022, 11:13 AM IST

dengue symptoms prevention dengue cases rising

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা । কিন্তু কিয় বৃদ্ধি পাবলৈ ধৰিছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ? কেনেকৈ ডেংগু প্ৰতিৰোধ কৰিব পাৰি আৰু কেনেকৈ ডেংগুৰ লক্ষণসমূহ জানিব পাৰে, এই সন্দৰ্ভত ইটিভি ভাৰত সুখীভৱৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কি ক'লে চণ্ডীগড় পিজিআইৰ জনস্বাস্থ্য বিদ্যালয়ৰ অধ্যাপক চনু গোয়েলে পঢ়ক সবিশেষ...

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা(Dengue cases increasing) । কিন্তু কিয় বৃদ্ধি পাবলৈ ধৰিছে এই সংখ্যা ? মানুহে ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে আৰু কেনেকৈ মানুহে ডেংগুৰ লক্ষণসমূহ চিনিব পাৰে (symptoms of dengue)। এই সন্দৰ্ভত ইটিভি ভাৰতে(ETV BHARAT) চণ্ডীগড় পিজিআইৰ জনস্বাস্থ্য বিদ্যালয়ৰ অধ্যাপক সোণু গোয়ালৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে(School of Public Health Chandigarh PGI) ৷

ডাঃ সোণু গোয়েলে কয় যে, এইবাৰ ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল দীৰ্ঘকালীন বাৰিষা । বাৰিষাৰ বাবে ঠায়ে ঠায়ে পানী জমা হোৱাৰ বাবে ডেংগু মহৰ উৎপত্তি বৃদ্ধি পাইছে আৰু এই কাৰণেই ডেংগুৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

ডেংগু (Dengue)হৈছে মহৰ দ্বাৰা হোৱা ভাইৰাছজনিত সংক্ৰমণ বা ৰোগ । ডেংগু জ্বৰক ব্ৰেক ব’ন ফিভাৰ বুলিও কোৱা হয় । এডিছ মহৰ কামোৰৰ ফলত এই ডেংগু ৰোগে দেখা দিয়ে । এই সংক্ৰমণ ফ্লেভিভিৰিডে পৰিয়ালৰ এটা ভাইৰাছৰ চেৰ’টাইপৰ DENV-1, DENV-2, DENV-3 আৰু DENV-4ৰ ফলত হয় । কিন্তু এই ভাইৰাছবোৰ ১০ দিনতকৈ বেছি সময় জীয়াই নাথাকে ।

যেতিয়া ডেংগু সংক্ৰমণ তীব্ৰ হৈ পৰে তেতিয়া ডেংগু হেমৰেজিক ফিভাৰ(Dengue Haemorrhagic Fever) বা ডি এইচ এফ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । প্ৰচণ্ড ৰক্তক্ষৰণ, হঠাতে ৰক্তচাপ কমি যোৱা, আনকি ভুক্তভোগীৰ মৃত্যুও হ’ব পাৰে । ডি এইচ এফক ডেংগু শ্বক চিনড্ৰম(Dengue shock syndrome) বুলিও কোৱা হয় । এই ৰোগ অধিক গুৰুতৰ হোৱাত তৎক্ষণাত ৰোগীক চিকিৎসালয়ত ভৰ্তি নকৰিলে ৰোগীৰ মৃত্যু হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰে । ডেংগুৰ কোনো নিৰ্দিষ্ট চিকিৎসাৰ ব্যৱস্থা নাই কিন্তু ইয়াৰ লক্ষণসমূহ ধৰা পৰিলেই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

লগতে পঢ়ক: কিদৰে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে হাঁপানী ৰোগীয়ে: জানো আহক

তাৰ বাবে তলত দিয়া এই লক্ষণবোৰক আওকাণ নকৰিব-

  • বমি হোৱা
  • তীব্ৰ জ্বৰ
  • দুৰ্বল অনুভৱ কৰা
  • পেটৰ অসুবিধা হোৱা বা পেটত সমস্যা হোৱা
  • মূৰৰ বিষ হোৱা
  • পেশীৰ বিষ
  • হাড় বা গাঁঠিৰ বিষ
  • চকুৰ পিছফালে বিষ
  • ছালত ৰঙা ফোহা
  • স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডেংগুৰ প্ৰাৰম্ভিক লক্ষণসমূহ ফ্লুৰ দৰে আৰু ইয়াৰ বাবেই মানুহে ডেংগুৰ লক্ষণসমূহ চিনি নাপায় ।

ইমান দিনৰ পিছত লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰে:

সাধাৰণতে ডেংগু মহে এজন ব্যক্তিক কামোৰাৰ ৪-১০ দিনৰ পিছত ব্যক্তিগৰাকীৰ দেহত ডেংগুৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত অতিমাত্ৰা জ্বৰৰ লগতে ডেংগুৰ আন আন লক্ষণসমূহো দেখা দিবলৈ আৰম্ভ কৰে আৰু সেইবোৰো দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে ।

ডেংগুৰ পৰা হাত সাৰিবলৈ এইবোৰ কথা মনত ৰাখিব:

  • সম্পূৰ্ণ হাতৰ ঢকা কাপোৰ পিন্ধিব লাগে
  • মহ মৰা ঔষধ ব্যৱহাৰ কৰক
  • ঘৰৰ পৰা বা পাকঘৰৰ পৰা ওলোৱা আৱৰ্জনাবোৰ বেছিকৈ জমা হ’বলৈ নিদিব
  • শুই থকাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব
  • ঘৰৰ ছাদ, কুলাৰ, পাত্ৰ, টায়াৰ বা আন ঠাইত পানী জমা হ’বলৈ নিদিব । মনত ৰাখিব যে ডেংগু মহে কেৱল পৰিষ্কাৰ পানীতহে প্ৰজনন কৰে ।

WHOৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ৫ লাখ লোক ডেংগুৰ বাবে চিকিৎসালয়ত ভৰ্তি হয় । কেৱল ভাৰতৰ কথা ক’বলৈ গ’লে বিগত কেইবছৰমানৰ পৰা এই সংক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ নেচনেল ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম (এন ভি বি ডি চি পি)ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি কেৱল ২০১৯ বৰ্ষতে কেৱল ভাৰততে ৬৭ হাজাৰৰো অধিক ডেংগু ৰোগী ঘটনা পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক: কোষ্ঠকাঠিন্য আৰু পেটৰ সমস্যাই আমনি কৰিছে নেকি ? তেন্তে দৈনিক কৰক এই কেইটা যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.