ETV Bharat / state

বকলীয়াঘাটৰ ডুংকেকলাংছ’ৰ পাহাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Mar 30, 2021, 7:27 PM IST

কাৰ্বি আংলঙৰ বকলীয়াঘাটত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ মৃতদেহটো বকলীয়াঘাট নগৰৰ নিবাসী চাৰ্থে টেৰণৰ পুত্ৰ সুৰেশ টেৰণ হিচাপ চিনাক্ত কৰা হৈছে ৷ যুৱকজনক কোনো দূৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷

deadbody-recovered-in-bokoliaghat
বকলীয়াঘাটৰ ডুংকেকলাংছ’ৰ পাহাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিফু, ৩০ মাৰ্চ : কাৰ্বি আংলঙৰ বকলীয়াঘাটত সোমবাৰে বিয়লি উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ বকলীয়াঘাটৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ ডুংকেকলাংছ’ৰ পাহাৰত উদ্ধাৰ হৈছে বকলীয়াঘাট নগৰৰ নিবাসী সুৰেশ টেৰণ নামৰ যুৱকজনৰ মৃতদেহ ৷

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় দুই বজাত বকলীয়াঘাট নগৰৰ নিবাসী চাৰ্থে টেৰণৰ পুত্ৰ সুৰেশ টেৰণ (২২)ক ফোনযোগে মাতি নিয়ে কোনো লোকে । ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ থকা যুৱকজন পিছত বকলীয়াঘাটৰ পৰা কমেও ১৫ কিলোমিটাৰ নিলগৰ ডুংকেকলাংছ’ৰ পাহাৰৰ পথৰ দাঁতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

ইফালে মঙলবাৰে পুৱাৰ ভাগত যুৱকজনৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত বকলীয়াঘাট থানাত ২১/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়াৰ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে । কি পৰিস্থিতিত যুৱকজন ডুংকেকলাংছ’ৰ দুৰ্গম পাহাৰীয়া এলেকালৈ যাবলগীয়া হ’ল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে ।

আনহাতে, যুৱকজনক মাতি নিয়াৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোনৰ নম্বৰটো ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সংযোগ বিচ্ছিন্ন হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.