ETV Bharat / state

কাৰ্বি আংলঙত শিক্ষক নিযুক্তিৰ আবেদনক লৈ প্ৰতিবাদ

author img

By

Published : May 29, 2021, 8:33 PM IST

শেহতীয়াকৈ কাৰ্বি-আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনস্থ দুয়োখন পাহাৰীয়া জিলাত শিক্ষক পদত নিযুক্তি প্ৰদানৰ বাবে এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল ৷ বিজ্ঞাপনত পদসমূহৰ বাবে আবেদনৰ বাবে প্ৰাৰ্থীসকল অসম টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছিল ৷ চৰকাৰৰ এই নিৰ্দেশনাক কেন্দ্ৰ কৰিয়েই পাহাৰীয়া জিলাখনত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । চি টেট উত্তীৰ্ণ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ।

protest
কাৰ্বি আংলঙত শিক্ষক নিযুক্তিৰ আবেদনকলৈ প্ৰতিবাদ

ডিফু, ২৯ মে': দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিয়ে বিজেপিয়ে ঘোষণা কৰিছে ৰাজ্যৰ ১ লাখ নিবনুৱাক সংস্থাপন দিয়া হ’ব । এই ঘোষণাৰ পিছতে ৰাজ্যৰ চাৰিওফালে নিবনুৱাৰ মাজত আনন্দৰ লহৰ দেখিবলৈ পোৱা গৈছে যদিও কাৰ্বি আংলং জিলাত শিক্ষক নিযুক্তিক কেন্দ্ৰ কৰি ক্ষোভ দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, শেহতীয়াকৈ কাৰ্বি-আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনস্থ দুয়োখন পাহাৰীয়া জিলাত শিক্ষক পদত নিযুক্তি প্ৰদানৰ বাবে এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল ৷ সেই অনুসৰি কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ৩৩১ গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ২২৮ টা শিক্ষক পদকে ধৰি মুঠ ৫৫৯ টা ঠিকাভিত্তিক শিক্ষক পদৰ বাবে যুৱক-যুৱতী সকলৰ পৰা আবেদন বিচৰা হৈছিল ৷ উক্ত বিজ্ঞাপনত পদসমূহৰ বাবে আবেদনৰ বাবে প্ৰাৰ্থীসকল অসম টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছিল ৷

চৰকাৰৰ এই নিৰ্দেশনাক কেন্দ্ৰ কৰিয়েই পাহাৰীয়া জিলাখনত চি টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ বিজ্ঞাপনটোত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ নথকাৰ বাবে ক্ষোভিত হৈ পৰিছে চি টেট উত্তীৰ্ণ মেধা সম্পন্ন প্ৰাৰ্থীসকল ৷

শনিবাৰে সেয়ে বকলীয়াঘাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চি টেট উত্তীৰ্ণ সকলে ৷ চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে আবেদনৰ সুযোগ দিয়াৰ দাবী জনায় । অন্যথা আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীক বঞ্চিত নকৰিবলৈ দাবী জনায় চৰকাৰ তথা শিক্ষা বিভাগক ।

লগতে পঢ়ক:ইটিভিৰ বাতৰিৰ পাচতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন জনীয়াৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.