ETV Bharat / state

ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Mar 19, 2021, 10:23 AM IST

ডিফুৰ ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা ৷ দংকাচিণ্ঠু খেলপথাৰত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙৰ সমৰ্থনত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা ৷ এই সভাতে কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ ২৯২ টা পৰিয়ালৰ বিজেপিত যোগদান ৷

ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা
ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ডিফু, 19 মাৰ্চঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুঙ্গত উঠিছে কাৰ্বি পাহাৰৰ নিৰ্বাচনী গৰম বতাহ । জিলাখনৰ চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ উঠি পৰি লাগিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলং । কৰকাণ্ঠি মণ্ডল বিজেপি সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দংকাচিণ্ঠু খেলপথাৰত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙৰ সমৰ্থনত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা ।

ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

কৰকাণ্ঠি মণ্ডল বিজেপিৰ সভাপতি দলৈ ইংতিৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ ২৯২ টা পৰিয়ালৰ সদস্যই কংগ্ৰেছ, এ এছ ডি ছি, এ পি এইছ এল ছি দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে । সভাত কেইবাগৰাকীও বক্তাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কংগ্ৰেছ আৰু অন্যান্য দলসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

উল্লেখ্য যে, উক্ত নিৰ্বাচনী সভাখনত প্ৰাক্তন বিধায়ক ডা:মানছিং ৰংপি, কাৰ্যবাহী সদস্যদ্বয় ৰাজু তিচ্ছ আৰু লুনছিং তেৰং, ডকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেনছিঙ তেৰং, ডিফু সমষ্টিৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেঙ আৰু বিজেপিৰ নেতা কৰ্মীসকল উপস্থিত থাকে । সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত পাহাৰীয়া জিলাখনৰ চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়লাভ কৰোটো নিশ্চিত বুলি মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।


লগতে পঢ়কঃ টিকট বঞ্চিত তাৰা প্ৰসাদ দাসৰ গুৰুতৰ অভিযোগ:কংগ্ৰেছ মানেই এতিয়া মুছলমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.