ETV Bharat / state

শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই দখল কৰিলে মিঃ অসম খিতাপ

author img

By

Published : Mar 1, 2021, 9:53 PM IST

অসম ফিজিক এলায়েন্সৰ উদ্যোগত অনুষ্ঠিত 'মিঃ অসম' চেম্পিয়নশ্বিপত বিজয়ীৰ খিতাপ দখল কৰিলে শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই ৷ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়ােজন কৰা হৈছিল এই প্ৰতিযোগিতাৰ ৷

bhrigujyoti saikia from sonitpur achieved mr assam award
bhrigujyoti saikia from sonitpur achieved mr assam award

ডিফু, 1 মাৰ্চ: অসম ফিজিক এলায়েন্সৰ উদ্যোগত প্রথমবাৰৰ বাবে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়ােজন কৰা 'মিঃ অসম' চেম্পিয়নশ্বিপত শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই মিঃ অসমৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশা অনুষ্ঠিত হােৱা উক্ত শৰীৰচর্চা প্রতিযােগিতাত অসমৰ প্রতিখন জিলাৰ পৰা বহুসংখ্যক যুৱক-যুৱতীয়ে অংশগ্রহণ কৰে ৷

bhrigujyoti saikia from sonitpur achieved mr assam award
অসম ফিজিক এলায়েন্সৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা

বহু দর্শকৰ উপস্থিতিত অনুষ্ঠিত হােৱা প্রতিযােগিতাখনত মিঃ অসম (জুনিয়ৰ) ৰ খিতাপ দখল কৰে ডিব্রুগড় জিলাৰ ধীৰাজ গগৈয়ে ৷ ইয়াৰ উপৰিও মেন ফিটনেছ শাখাত শােণিতপুৰৰ প্রাঞ্জল কাশ্যপ, মেন ফিজিক শাখাত গােলাঘাটৰ পদার্পণ গগৈ, মহিলা ফিটনেছত শােণিতপুৰৰ নীহাৰিকা কোচ, মাষ্টাৰ্ছত কামৰূপৰ খনীন্দ্র নাথ দাস আৰু দিব্যাংগ শাখাত নগাঁৱৰ জিন্টু দলেয়ে শীর্ষতম স্থান লাভ কৰে ৷

বিজয়ী প্রতিযােগীসকলক ট্ৰফী, নগদ ধন আৰু মানপত্রৰে পুৰষ্কৃত কৰা হয় ৷ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ লাংফেৰৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙে ফিটা কাটি প্রতিযােগিতাৰ শুভ উদ্বোধন কৰে ৷

লগতে পঢ়ক: ৰণজিৎ দাসৰ বাসগৃহত বিজেপি-অগপৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.