ETV Bharat / state

পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

author img

By

Published : Feb 12, 2021, 9:10 PM IST

পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত ৷ পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

assam-mizoram-border-conflict
পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

হাইলাকান্দি, 12 ফেব্ৰুৱাৰী : পুনৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি । অসমৰ মাটিত পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ ৷

অভিযোগ অনুসৰি, শুকুৰবাৰে দুপৰীয়া এটা মিজো সংগঠনে জেচিবি লগাই অসম ভূমিত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ আনকি, পৰৱৰ্তী সময়ত উক্ত স্থানত মিজো আৰক্ষী উপস্থিত হৈ পথৰ জৰীপো আৰম্ভ কৰে ৷

পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

ইফালে, বুধবাৰে অসম দক্ষিণ প্ৰান্তৰ ডি আই জি দিলীপ দেই সীমান্ত পৰিদৰ্শন কৰি উক্ত স্থানত কেন্দ্ৰীয় বাহিনীৰ এটা কেম্প নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ উক্ত নিৰ্দেশ মৰ্মে শুকুৰবাৰে জিলা পৰিষদৰ লগতে স্থানীয় ৰাইজে কেম্প নিৰ্মাণৰ বাবে গৈছিল যদিও মিজো সংগঠন আৰু মিজো আৰক্ষীৰ বাধাৰ বাবে উভতি আহিবলগীয়া হয় ৷ ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মিজো আৰক্ষীৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় ৷

আনহাতে, স্থানীয় লোকৰ অভিযোগ অনুসৰি সীমান্তৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে অসম চৰকাৰ ৷ যাৰ বাবে চৰকাৰলৈ বাট নাচাই শনিবাৰে অসম-মিজোৰাম সীমান্তৰ কচুৰতল অঞ্চললৈ গৈ অসমৰ ভূমি উদ্ধাৰৰ বাবে সংগ্ৰাম কৰিব বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

লগতে পঢ়ক : বিধানসভাত দাখিল ৬০,৭৮৪.০৩ কোটি টকাৰ বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.