ETV Bharat / state

৫০০ বছৰৰ পিছত হিন্দুৱে মুক্তি পাইছে : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:13 PM IST

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা

CM in Karbi Anglong: NSCNৰ শান্তিচুক্তি হ'লে অসমে ভয় কৰিব লগা নাই বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজি কাৰ্বি আংলঙত কেইবাখনো আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা

ডিফু, ৮ জানুৱাৰী: আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত কেইবাখনো আঁচনি মুকলি কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে পাহাৰীয়া জিলাখনত মুকলি কৰে ১৬৮ কোটি টকাৰ আঁচনি । তদুপৰি কাৰ্বি সংহাৰীসকলে আয়োজন কৰা এখন প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ডিফুত কাৰ্বি সংহাৰী ধৰ্মত বিশ্বসী সকলৰ সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ইয়াত অংশগ্ৰহণ কৰি আনন্দিত হৈছো ৷ " বিভিন্ন প্ৰলোভন প্ৰৰোচনাত ভোল নগৈ কাৰ্বি সমাজে নিজৰ ৰীতি-নীতি আৰু দৰ্শন বৰ্তাই ৰাখিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

ইপিনে, বদৰুদ্দিন আজমলে মুছলমানক ৰে'লত নুঠিবলৈ কৰা মন্তবত কোনো প্ৰতিক্ৰিয়া নকৰাকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব ৷ হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক সকলোৱে এইকেইটা দিনত ভগৱানৰ নাম লওঁক ৷" ৫০০ বছৰৰ পিছত হিন্দুৱে মুক্তি পাইছে বুলিও তেওঁ মন্তব্য কৰে ৷

ডিফুত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমা হাছাও জিলাৰ ত্ৰয়োদশ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হোৱা বুলি মন্তব্য় কৰে ৷ আনহাতে, NSCNৰ শান্তিচুক্তি সন্দৰ্ভত তেওঁ কয়," অসমৰ সুৰক্ষা অক্ষুণ্ণ থাকিব ৷ শান্তিচুক্তিৰে নাগালেণ্ডৰ বিকাশ হ'ব ৷ অসমে ভয় কৰিব লগা নাই ৷"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তাৰালাংছ'ত নিৰ্মাণ কৰা ৩ হাজাৰ আসনযুক্ত চেৰটালিন নামৰ এটা বিশাল প্ৰেক্ষাগৃহ মুকলি কৰে । তদুপৰি তেওঁ কাজিৰ ৰংহাংপী অতিথিশালাৰ এটা নতুন ভৱন আৰু কাৰ্বি সাংস্কৃতিক প্ৰকল্পৰ দুটা সৌন্দৰ্যবৰ্ধক পুখুৰী উদ্বোধন কৰে । তেওঁ ডিফু কাছা ষ্টেডিয়ামত নিৰ্মাণ কৰা চাৰছিং টেৰণ লাংকুং হাবে মাল্টিপাৰপাচ স্প'ৰ্টছ কমপ্লেক্সৰ উপৰি ৰংখেলানত নিৰ্মাণ কৰা এখন মাৰ্কেট কমপ্লেক্স,পাঁচকিলোৰ চতীয়ানলাত নিৰ্মাণ কৰা এটা আন্তঃৰাজ্যিক বাছ আস্থানো মুকলি কৰে ।

একেদৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ তাৰালাংছ'ত নিৰ্মাণ কৰা ক্ৰমে-ৰাংছিনা ছাৰপ' আহংজাই মঞ্চৰ লগতে ৰংবং আৰ্টু আৰু নংথে'পী কমপ্লেক্সৰ সৌন্দৰ্যবৰ্ধক প্ৰাকৃতিৰ দৃশ্য মুকলি কৰে । সভাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ডিফুৰ কাছা ষ্টেডিয়ামত আয়োজিত এখন ফুটবল ফাইনেল খেলত অংশগ্ৰহন কৰে । খেলৰ অন্তত তাৰালাংছ'ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিশাটো ডিফুত কটাই কাইলৈ কাৰ্বি আংলঙৰ পৰা ৰাওনা হ'ব ।

লগতে পঢ়ক:ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.