ETV Bharat / state

ASHA Workers protest at Diphu : ডিফুত মাননি বৃদ্ধিৰ দাবীত আশাকৰ্মীৰ ধৰ্ণা

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 7:59 PM IST

ASHA Workers protest in Assam
আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল ডিফু

আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল ডিফু । সহস্ৰাধিক আশাকৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল ডিফু

ডিফু, ৮ নবেম্বৰ: কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আশাকৰ্মী সকলে আজি ডিফুৰ ছেমচনছিং ইংতি পাৰ্কত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিওখন পাহাৰীয়া জিলাৰ আশাকৰ্মী সকলে ছেমচনছিং ইংতি পাৰ্কৰ সমীপত ভঙাগড়াৰ কাম চলি থকা বাবে ভালদৰে একগোট হ’বলৈও সুবিধা নথকা স্বত্বেও তাতেই ধৰ্ণাৰে মাননি বৃদ্ধিৰ দাবী জনায় ৷ আশাকৰ্মী সকলে অভিযোগ কৰি কয় যে চৰকাৰে তেওঁলোকক কামৰ উপৰি কামৰ বোজা জাপি দিছে যদিও অতি সামান্য মাননি দিয়ে ৷

তেওঁলোকে পুনৰ কয় যে ইয়াৰ পিচতো এতিয়া ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী আছে নেকি তাৰ সমীক্ষা কৰিবলৈ দিছে ৷ তাৰ বিনিময়ত দৈনিক মাত্ৰ ৭৫ টকা দিব ৷ শিশুক পালচ পলিঅ’ খুৱাবলৈ যাওতেও তেওঁলোকক ৭৫ টকা দিয়ে ৷ তাত তেওঁলোকে আপত্তি নাই কৰা ৷ আশাকৰ্মী সকলে কয় যে তেওঁলোকক চৰকাৰে মাননি নিদি মাহে দৰমহা দিয়ক ৷ নহ'লে মাননি মাহে ২১ হাজাৰ টকালৈ বৃদ্ধিৰ দাবী কৰে ৷ এটি শিশু জন্ম হোৱাৰ আগলৈকে সেই পৰিয়ালটোৰ ঘৰলৈ তেওঁলোক ৭ বাৰ যাব লাগে ৷ তাৰ বিনিময়ত প্ৰতিবাৰ যোৱাৰ বাবদ লাভ কৰে ৫০ টকা ৷

লগতে পঢ়ক:Communal comments in Assam Politics : সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক গ্ৰেপ্তাৰ হ’ল, বাকী দলৰ ক্ষেত্ৰত কি হ’ব ?

এখন অট'ত উঠিলে এবাৰতে ৫০ টকা ব্য়য় হয় বুলি তেওঁলোকে ক্ষোভেৰে উল্লেখ কৰি কয় যে দূৰৰ গাঁৱলৈ গ'লে ৫০ টকাৰে একো নহয় ৷ সেয়ে তেওঁলোকে চৰকাৰক মাহে ২১ হাজাৰকৈ মাননি দিবলৈ দাবী জনায় ৷ এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত তেওঁলোক জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ জড়িয়তে দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:MLA Ramendra Narayan Kalita: অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ আছে অগপৰ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.