ETV Bharat / state

Communal comments in Assam Politics : সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক গ্ৰেপ্তাৰ হ’ল, বাকী দলৰ ক্ষেত্ৰত কি হ’ব ?

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:32 PM IST

নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগেলগে তুংগত উঠিছে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি ৷ এদিন যদি মুখ্যমন্ত্ৰীয়ে সাম্ৰদায়িক মন্তব্য কৰে, এদিন আজমলে অথবা আন কোনো ৰাজনৈতিক নেতাই কৰে ৷ তাৰ মাজতে কালি এজন বিধায়কক এনে কাৰণতে গ্ৰেপ্তাৰো কৰা হ’ল ৷ বিচাৰসমূহ কেৱল বিৰোধীৰ ক্ষেত্ৰতহে হোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷

Communal comments in Assam Politics
চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ

চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ

গুৱাহাটী, ৮ নৱেম্বৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত এতিয়া সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ ‌হোৱা দেখা গৈছে । ইতিমধ্যে ৰাজ্যত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ।‌ ইয়াৰ মাজতে আকৌ ধৰ্মনিৰপেক্ষতাৰ কথা কৈ থকা কংগ্ৰেছ দলৰে এজন বিধায়ক আফতাব উদ্দিন মোল্লা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে সাম্প্ৰাদায়িক মন্তব্য কৰি । এই ঘটনাক লৈ অসমৰ ৰাজনীতিত তোলাপাৰ লাগিছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলসমূহে বিধায়ক আফতাব উদ্দিন মোল্লাৰ সাম্প্ৰদায়িক মন্তব্যক গৰিহণা দিছে । লগতে সমান্তৰালকৈ যোৱা সময়ছোৱাত সাম্প্ৰদায়িক মন্তব্য কৰি অসমত বিষবাষ্প বিয়পাই থকা বদৰুদ্দিন আজমলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপিত হৈছে । নামঘৰীয়া আৰু পূজাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবেই পূব গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোল্লাক ।

এই সন্দৰ্ভত ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফোনেৰে হোৱা বাৰ্তালাপত কয় - কংগ্ৰেছৰ নীতিৰ বিৰুদ্ধে আফতাব উদ্দিন মোল্লাই যি সাম্প্ৰদায়িক মন্তব্য কৰিছে তাৰ বাবে তেওঁক কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে । এতিয়ালৈকে তেওঁ উত্তৰ দিয়া নাই । ‌তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা‌ হ’ব সেয়া অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা‌ হ'ব ।

ভূপেন বৰাই কয়, ‘‘কংগ্ৰেছ সদায় সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ বিপৰীতে থিয় দি আহিছে । কংগ্ৰেছ চৰকাৰত থকা হ'লে সাম্প্ৰদায়িক মন্তব্য কৰা আফতাব উদ্দিন মোল্লাক যিদৰে গ্ৰেপ্তাৰ কৰা হৈছে, সেইদৰে বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হ'লহেতেন ।’’

ইপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়- ‘‘ সকলো সাম্প্ৰদায়িক মন্তব্য ঘৃণনীয় । এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা উচিত ।‌ লগতে ন্যায়ালয় কঠোৰ হোৱা উচিত । আফতাব উদ্দিন মোল্লাই যি সাম্প্ৰদায়িক মন্তব্য কৰিছে তাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে । সেয়া ভাল‌ কথা ‌।‌ কিন্তু সাম্প্ৰদায়িক মন্তব্য কৰি অসমত বিষবাষ্প বিয়পাই থকা বদৰুদ্দিন আজমলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ‌‌ বিৰুদ্ধে দলে তথা আৰক্ষীয়ে কোনো‌‌ ব্যৱস্থা গ্ৰহণ কৰা নাই ।’’

লক্ষ্যণীয় যে আজমলে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা বুলি মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীয়ে সমালোচনা কৰি আছে । কিন্তু আজমলৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ সাহস কৰা নাই কিয় বুলিও প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক : Controversy of Namghariya: বিধায়ক মোল্লাক গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছত ধুমুহা, মুখ নোখোলাৰ‌ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.