ETV Bharat / state

কার্বি আংলঙত সাংবাদিক-লেখকলৈ বীমা আঁচনি স্বায়ত্ত শাসিত পৰিষদৰ

author img

By

Published : Jan 24, 2021, 9:05 PM IST

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পঞ্জীকৃত সাংবাদিক আৰু লেখকলৈ আগবঢ়ালে 5 লাখ টকাৰ বীমা আঁচনি ৷ কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি এখন সভাত উপস্থিত হৈ ঘােষণা কৰে এই কথা ৷

KAAC CEN ANNOUNCE 5 LAKH INSURENCE TO RECOGNISE REPORTERS
কার্বি আংলঙত সাংবাদিক-লেখকলৈ বীমা আঁচনি স্বায়ত্ত শাসিত পৰিষদৰ

ডিফু, ২৪ জানুবাৰীঃ কার্বি আংলং জিলাৰ সাংবাদিক আৰু প্রতিষ্ঠিত লেখকসকলৰ বাবে নৱবর্ষত এক বিশেষ উপহাৰ আগবঢাইছে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে । পাহাৰিয়া জিলাখনত চৰকাৰীভাবে পঞ্জীকৃত সাংবাদিক আৰু প্রতিষ্ঠিত বিশেষকৈ ১০খনতকৈ অধিক গ্রন্থ প্রণয়ন কৰা লেখক সকলক স্বায়ত্ত শাসিত পৰিষদৰ জৰিয়তে ৫ লাখ টকা পর্যন্ত বীমা আঁচনি প্রদান কৰা হ'ব বুলি আজি কার্বি সাহিত্য সভাৰ ২৯ সংখ্যক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘােষণা কৰে এই কথা ৷

ইফালে সাংবাদিকৰ সৈতে হােৱা এক চমু সাক্ষাৎকাৰত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিয়ে যে, সাংবাদিক সকলে ৰাইজৰ বাবে অশেষ কষ্ট কৰিব লগা হয় যদিও সাংবাদিক সকলে প্রাপ্য মাননিৰ পৰা বঞ্চিত হ'ব লগা হয় ৷ পৰিয়ালবর্গই সাংবাদিক সকলৰ অনুপস্থিতিত যথেষ্ট কষ্ট ভােগ কৰি জীৱন নিৰ্বাহ কৰি আহিছে । সেয়ে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জিলাখনৰ পঞ্জীকৃত সাংবাদি সকলৰ লগতে লেখক সকলৰ বাবেও নববর্ষৰ উপহাৰ স্বৰূপে এই বীমা আঁচনি দিব বুলি মন্তব্য কৰে ।

ইফালে আগন্তুক পৰিষদৰ অধিবেশনত এই সন্দর্ভত প্রস্তাৱ গ্রহণ কৰি ইয়াক কার্যক্ষম কৰা হ'ব বুলিও ৰংহাঙে মন্তব্য কৰে । ৰংহাঙৰ এই ঘােষণাত জিলাখনৰ সাংবাদিক আৰু লেখক সকলে পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ দিয়াৰ লগতে কৃতজ্ঞতা স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক-ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.