ETV Bharat / state

APHLC criticized Tuliram Ronghang: কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্যক অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সমালোচনা

author img

By

Published : Jan 31, 2023, 9:38 AM IST

APHLC allegation against Karbi Anglong CM
অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সংবাদ মেল

কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উদ্যোগত পাহাৰীয়া জিলাখনত চলি থকা জন সম্পৰ্ক অভিযানক তীব্ৰ সমালোচনা অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ (APHLC criticizes public relations campaign) ৷ এই অভিযানক নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ লগতে ধৰ্মীয়কৰণ কৰাৰ গুৰুতৰ অভিযোগ এপিএইছ এলচি নেতৃত্বৰ (CEM of Karbi Anglong Autonomous Council) ৷

অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সংবাদ মেল

ডিফু, ৩০ জানুৱাৰী : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ বিশেষ উদ্যোগত ২৬ টা পৰিষদীয় সমষ্টিৰ অতি অনুন্নত আৰু দুৰ্গম অঞ্চলসমূহত উন্নয়ণমূলক আঁচনি ৰূপায়ণ আৰু জনতাৰে সম্পৰ্ক অভিযান আৰম্ভ হৈছে পাহাৰীয়া জিলাখনত (Present CEM of Karbi Anglong Autonomous Council) ৷ এই অভিযানক নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ খেয়াল খুচিমতে কৰি যোৱা বুলি উল্লেখ কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (APHLC strongly criticized Karbi Anglong CEM) ৷ সোমবাৰে এক সংবাদ মেলযোগে মুখ্য কাৰ্যবাহী সদস্যগৰাকীক তীব্ৰ সমালোচনা কৰিলে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ বিষয়ববীয়াসকলে ৷

এই অভিযানত ৰাজনীতিকৰণৰ প্ৰলেপ সনাৰ লগতে ধৰ্মান্তকৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিয়ে (All Party Hill Leaders Conference) ৷ দলটোৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ৷ কাথাৰে অভিযোগ কৰি কয় যে, এনে জনসম্পৰ্কীয় আঁচনিসমূহ চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ জৰিয়তে বিজেপি দলে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি ৰাজনীতিকৰণ কৰা পৰিলক্ষিত হৈছে ৷ এনে আঁচনিৰ জৰিয়তে এপিএইছএলচি দলৰ শীৰ্ষ নেতা জে আই কাথাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে (APHLC allegation against Karbi Anglong CEM) ৷

বিশেষকৈ সাংসদ হৰেণছিং বেয়ে মত বিনিময় অনুষ্ঠানসমূহত জে আই কাথাৰ এগৰাকী সাম্প্ৰদায়িক নেতা বুলি উল্লেখ কৰাৰ অভিযোগ আনে সংগঠনটোৱে ৷ লগতে এনে অভিযানক ৰাইজৰ লগত মত বিনিময় অনুষ্ঠান নহয়, বৰঞ্চ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আখৰা বুলিহে অভিযোগ কৰে কাথাৰে ৷ এপিএইছএলচি দলটোক ধৰ্মনিৰপেক্ষ বুলি দাবী কৰি কাথাৰে কয় যে, তেওঁলোকে জনজাতি সকলৰ সুৰক্ষাৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে, ধৰ্মৰ ভিত্তিত নহয় ৷ ইফালে বিজেপি দলেহে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা বুলি অভিযোগ কৰি নেতাগৰাকীয়ে কয় যে, বিগত বৰ্ষত বিজেপিৰ ভাতৃ সংগঠন এটাই ডিফুত অনুষ্ঠিত কৰা এক জনজাতি সন্মিলনত জিলাখনৰ খ্ৰীষ্ঠান ধৰ্ম গ্ৰহণ কৰা লোক সকলৰ জনজাতীয় মৰ্যাদা কৰ্তন কৰাৰ লগতে ভোটাধিকাৰ কৰ্তন কৰাৰো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ আনে শাসনাধিষ্ঠিত বিজেপি দলটোৰ বিৰুদ্ধে ৷

এই ক্ষেত্ৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে এপিএইছএলচিয়ে ৷ মত বিনিময় সভা সমূহ পৰিষদৰ অধীনত চৰকাৰীভাৱে অনুষ্ঠিত কৰি ইয়াক ৰাজনীতিকৰণ কৰাৰ লগতে সাম্প্ৰদায়িক ৰূপ দিবলৈ কৰা অপচেষ্টাক তীব্ৰ বিৰোধিতা কৰে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে ৷

লগতে পঢ়ক : Child labour rescued in Dhubri: ধুবুৰীত ১৫ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.