ETV Bharat / state

Child labour rescued in Dhubri: ধুবুৰীত ১৫ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

author img

By

Published : Jan 31, 2023, 7:58 AM IST

ধুবুৰীত শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে অভিযান । বিভিন্ন হোটেল, পাৰঘাটৰ পৰা উদ্ধাৰ ১৫ টাকৈ শিশু (child labour rescued in Dhubri) ।

Campaign against child labour
ধুবুৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

ধুবুৰীত ১৫ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

ধুবুৰী, 31 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে শিশু শ্ৰমিক বিৰোধী অভিযান (Campaign against child labour) ৷ এইবাৰ ধুবুৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই ১৫ টাকৈ শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধুবুৰী চাইল্ড লাইন, ডি চি পি ও, চি ডব্লিউ চি, কেয়াৰ ইণ্ডিয়া ছিলড্ৰেন হোম আৰু শ্ৰম আয়ুক্তৰ এটা বৃহৎ দলে আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ হয় এই শিশুকেইটি ৷ ধুবুৰীৰ কাছাৰী ঘাট, যোগমায়া ঘাট, পঞ্চঘাট আৰু নিউঘাটকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছিল অভিযানকাৰী দলটোৱে ৷ পাৰঘাটত চানা বিক্ৰী কৰা আৰু চাহৰ হোটেল, ভাতৰ হোটেলত অভিযান চলালে অভিযানকাৰী দলটোৱে (Child labours Increasing in Dhubri)।

শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই অহাৰ পিচতো ধুবুৰীত দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে শিশু শ্ৰমিকৰ সংখ্যা । দাৰিদ্ৰতাই ইয়াৰ বাবে মূল কাৰণ বুলি বিবেচিত হৈ আহিছে ৷ প্ৰতিদিনে পল পলকৈ ধ্বংসৰ গৰাহলৈ গতি কৰিছে ধুবুৰীৰ বিভিন্ন অঞ্চলৰ কণ কণ শিশুৰ সোণালী ভৱিষ্যৎ । এইবাৰৰ অভিযানত উদ্ধাৰ হোৱা শিশু শ্ৰমিক কেইটিক চি ডব্লিউ চি বোৰ্ডক গতাই দিয়া হ’ব বুলি উল্লেখ কৰে অভিযানকাৰী দলটোৱে । লগতে শিশুকেইটিক শ্ৰমিক হিচাপে খটুওৱাসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিলে অভিযানকাৰী দলটোৱে (15 child labour rescued in Dhubri) ।

মন কৰিব লগীয়া যে, একাংশ ব্যৱসায়িক মনোবৃত্তিৰ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ প্ৰতিদিনে পুৱাৰে পৰা সন্ধিয়ালৈকে বিভিন্ন হোটেলৰ লগতে নিজৰ কৰ্মক্ষেত্ৰত শিশুসকলক কম মজুৰিৰ বিনিময়ত কামত খটুৱাই অহাৰ ঘটনা পোহৰলৈ আহিছে । আক্ষেপজনিত বিষয় যে, পখিলা খেদা বয়সতে একাংশ কণ কণ শিশুৱে বিভিন্ন প্ৰকাৰে পালন কৰিবলগীয়া হৈছে পৰিয়াল পোহপাল দিয়াৰ দৰে এক গধুৰ দায়িত্ব ।

সমান্তৰালভাৱে এইসকল শিশু বঞ্চিত হৈছে শিক্ষাৰ অধিকাৰ লাভৰ পৰাও ৷ আনকি চৰকাৰৰ অভিলাষী সৰ্বশিক্ষা আচঁনিৰ পৰাও বঞ্চিত হোৱা পৰিলক্ষিত হৈছে এইসকল দিন মজুৰিৰে পেট প্ৰৱৰ্তোৱা শিশুয়ে ৷ প্ৰকৃততে দাৰিদ্ৰতাৰ ফলস্বৰূপে ৰাজ্যত বৃদ্ধি পায় অহা শিশু শ্ৰমিকৰ সংখ্যাই উদঙাই দেখুৱাইছে ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ৷

উল্লেখ্য যে, ধুবুৰী জিলা শিশু কল্যাণ সমিতিৰ সদস্য প্ৰণতি ৰয় সৰকাৰ, জহিৰুল ইছলাম, শিশু সুৰক্ষা বিষয়া নুৰ আলমৰ লগতে নেতৃত্বত চলে শিশু শ্ৰমিক বিৰোধী এই যৌথ অভিযান । শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা লোকসকলৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Taliban ban women’s education: মহিলাৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.