ETV Bharat / state

APGCL signed MOS with KAAC: শক্তি বিতৰণ কোম্পানী-কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

author img

By

Published : Dec 9, 2022, 8:16 PM IST

Karbi Langpi Hydro Electric Project
অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি (Karbi Langpi Hydro Electric Project) ৷ প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হ’ব এই কাৰ্বি হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্টটো ৷

ডিফু, 9 ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ সদৰ চহৰস্থিত অৰ্বোৰেটাম আৰু ক্ৰাফট চেন্টাৰত শুকুৰবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APGCL আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) মাজত স্বাক্ষৰিত হয় এখন মীমাংসাৰ চুক্তি । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য প্ৰবন্ধক কানু কমল ভূঞা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব আই এছ মুকুল কুমাৰ শইকীয়া মাজত সম্পন্ন হয় এই চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া (APGCL signed MOS with KAAC) ।

Karbi Langpi Hydro Electric Project
অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

উল্লেখযোগ্য যে, 24 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে 35 বছৰীয়া চুক্তি সম্পাদন কৰা হৈছে । উক্ত প্ৰকল্পটোৰ বাবে এলেকাটোৰ 171 টা পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব আৰু তেওঁলোকক এই চুক্তিৰ অধীনত 5বছৰৰ বাবে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰা হ’ব । তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে প্ৰায় 34.09 কোটি টকাও মুকলি কৰি দিয়াৰ কথা এই চুক্তিত উল্লেখ কৰা হৈছে ।

Karbi Langpi Hydro Electric Project
অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হ’ব এই কাৰ্বি হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্টটো(Karbi Langpi Hydro Electric Project) ৷ এই প্ৰকল্পৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবেও চাকৰি সৃষ্টি কৰাৰ লগতে প্ৰকল্পটোৰ পৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে 6 শতাংশ লাভাংশ আহৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Mission Basundhara 2: ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিবলৈ গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.