ETV Bharat / state

Illegal appointment in KACC: বন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Mar 11, 2023, 10:58 PM IST

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বন বিভাগৰ বন কৰ্মী পদৰ নিযুক্তিকৰণত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে (Forest dept Job scam)৷

Illegal appointment in KACC
বন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ

বন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ

ডিফু,১১ মাৰ্চ: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) বন বিভাগত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে (Illegal appointment in KACC) ৷ শনিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে প্ৰতাৰিত প্ৰাৰ্থীয়ে ৷

প্ৰাৰ্থীসকলে সংবাদমেলত কয় (Press meet on Forest dept Job scam) যে ২০২১ চনৰ ২৯ জুনত জিলা মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা এম আৰ, কেজুৱেল আৰু বন কৰ্মী পদৰ বাবে মুঠ ১৬৩ গৰাকী চাকৰি প্ৰাৰ্থীক দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল ৷ কিন্তু চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ নিযুক্তি পত্ৰসমূহ ভুৱা বুলি গম পায় ৷ ইয়াৰ পিচতেই হাহাকাৰ লাগে (Forest dept Job scam) ৷

জানিব পৰামতে ১৬৩ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল ৷ লগতে প্ৰাৰ্থীসকলে অভিযোগ কৰা অনুসৰি নিযুক্তি পোৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়েই ১ৰ পৰা ৭ লাখ টকালৈকে মধ্যভোগীক ধনৰ টোপোলা প্ৰদান কৰিছিল ৷

এই প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰা মধ্যভোগীৰ মূল অভিযুক্ত এলড্ৰিণ পাটৰ নামৰ লোকজনৰ নাম উল্লেখ কৰে প্ৰতাৰিত প্ৰাৰ্থীসকলে ৷ এই এলড্ৰিণ পাটৰে বিগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ আনহাতে সাধনা টিমুংপী নামৰ এগৰাকী বন বিভাগৰ বিষয়াইও চাকৰিৰ নামত প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছ ৷ সেয়ে প্ৰতাৰিত প্ৰাৰ্থীসকলে তেওঁলোকক অতিশীঘ্ৰে নিযুক্তি দিবলৈ দাবী উত্থাপন কৰাৰ লগতে তেওঁলোকৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ দাবী উত্থাপন জনাইছে ৷

উল্লেখ্য যে, এই সন্দৰ্ভত কাৰ্বি আংলং বন বিভাগৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ কাৰ্যালয়ত প্ৰতাৰিত প্ৰাৰ্থীসকলে এক স্মাৰক পত্ৰও অৰ্পন কৰে ৷

লগতে পঢ়ক: Guwahati double murder : শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট DNA পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.