ETV Bharat / state

অসমৰ জাতীয়তাবাদ আজি সংকটৰ গৰাহত : লুৰীণ

author img

By

Published : Jan 8, 2021, 6:28 PM IST

Updated : Jan 8, 2021, 6:47 PM IST

ajp-president-lurinjyoti-gogoi-at-asdc-conferance-at-diphu
ডিফুৰ এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ লুৰিণ জ্যোতি গগৈৰ

কাৰ্বি আংলঙৰ ডিফুত উপস্থিত লুৰিণ জ্যোতি গগৈ ৷ উপস্থিত হৈ আঞ্চলিকতাবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য নেতা গৰাকীৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো মন্তব্য প্ৰদান লুৰিণৰ ৷

ডিফু, 8 জানুৱাৰী : জাতীয় চেতনা থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক সত্তা সমূহক কেন্দ্ৰীয় দল সমূহে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ৷ শুকুৰবাৰে ডিফুত এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

ডিফুৰ এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ লুৰিণ জ্যোতি গগৈৰ

অসমৰ সমাজ জীৱনত জাতীয়তাবাদ আজিৰ তাৰিখত সংকটৰ গৰাহত বুলি মন্তব্য কৰে গগৈয়ে ৷ নেতা গৰাকীয়ে লগতে কয় যে,অসমৰ প্রতিটো জাতি-জনগােষ্ঠীৰ ৰাজনৈতিক অধিকাৰ নােহােৱা কৰাৰ বাবে ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে পর্যায় ক্রমে আগ্রাসী ভূমিকা গ্রহণ কৰি আহিছে ।

ajp-president-lurinjyoti-gogoi-at-asdc-conferance-at-diphu
ডিফুৰ এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ লুৰিণ জ্যোতি গগৈৰ

তেওঁ ক্ষোভ প্রকাশ কৰি কয় যে, জাতি-জনগােষ্ঠীসমূহৰ নিজস্ব ভাষা-সংস্কৃতি,অধিকাৰক চৰকাৰে বাধা প্রদান কৰি আহিছে । 'কা' জাপি দিয়াৰ নামত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাত চৰকাৰে যড়যন্ত্রত লিপ্ত হােৱা বুলি মন্তব্য কৰি অসমত বিদেশীক নাগৰিকত্ব প্রদান কৰাৰ পিচত এইসকল লােকক যষ্ঠ অনুসূচীভুৰ্ক্ত এলেকাত বাধা প্রদানৰ ক্ষেত্রত চৰকাৰে কি ব্যবস্থা গ্রহণ কৰিছে বুলি প্রশ্ন উত্থাপন কৰে। চৰকাৰৰৰ এনে যড়যন্ত্রৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাইজ মাৰবান্ধি ঠিয় দি 21ৰ নির্বাচনত ইয়াৰ প্রত্যুত্তৰ দিয়াৰ আহ্বান জনায় ।

ajp-president-lurinjyoti-gogoi-at-asdc-conferance-at-diphu
ডিফুৰ এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ লুৰিণ জ্যোতি গগৈৰ

লগতে পঢ়ক : মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক নিলম্বন

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি একাংশ নেতাই জাতীয় চিন্তাৰ বিপৰীতে দিল্লীৰ নির্দেশ অনুসৰিহে কাম কাজ কৰা বুলি মন্তব্য কৰি এনে চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব নােৱাৰে বুলি দাবী কৰি এইসকল শাসকে দিল্লী-দিছপুৰক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষাৰ বাবেহে দিনে নিশাই ব্যস্ত থকা বুলি মত প্রকাশ কৰে ৷

খিলঞ্জীয়াৰ আঞ্চলিকতাবাদী ধাৰাক শক্তিশালী কৰি তােলাৰ স্বার্থতে এএছডিচি দলৰ হাত শক্তিশালী কৰি তােলাৰ বাবে কার্বি আংলঙবাসী ৰাইজক আহ্বান জনায় । আনহাতে,7 আৰু 8 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত প্রাক্তন বিধায়ক হেমছিং তিচ',কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য চোনাছিং তেৰাঙ আৰু কাৰ্বি ছাত্র সন্থাৰ প্রাক্তন সভাপতি চাৰছিং ইংলেঙৰ যুটীয়া সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সভাপতি সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷

লগতে পঢ়ক : কণমানি হৰ্ষিতাৰ সৈতে এইবাৰৰ সঁফুৰা

Last Updated :Jan 8, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.