ETV Bharat / state

ACS Mukul Kathar controversy: ACS বিষয়া মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষা দিয়া হৈছে নেকি ?

author img

By

Published : Apr 30, 2023, 8:57 PM IST

শহুৰৰ ঘৰত গুণ্ডাগিৰি কৰা ACS বিষয়া মুকুল কাথাৰৰ সন্ধান নাই এতিয়াও ৷ চুটী লৈ পলাতক হৈ আছে কাথাৰ (Allegation against ASC officer harrash wife) ৷

Has ACS officer Mukul Kathar been given political protection
ACS বিষয়া মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষা দিয়া হৈছে নেকি?

ACS বিষয়া মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষা দিয়া হৈছে নেকি?

ডিফু, ৩০ এপ্ৰিল : এতিয়াও মাৰ যোৱা নাই ডিফুৰ এচিএছ বিষয়াৰ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ চাঞ্চল্য (Family clash turn into horror) ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব তথা পৰিষদৰ প্ৰভাৱশালী আমোলা মুকুল কাথাৰৰ পাৰিবাৰিক সংঘাতে প্ৰতিদিনে নতুন মোৰ লৈছে (ACS officer assaulted wife) ৷ পাৰিবাৰিক সংঘাত গৈ আইনৰ মেৰ পেঁচত সোমোৱাৰ পিচতে ইয়াৰ ৰাজনৈতিক প্ৰভাৱশালী লোকো জড়িত থকাৰ প্ৰশ্ন উত্থাপন হৈছিল ৷

ASC বিষয়া মুকুল কাথাৰে পত্নীক বিচাৰি গৈ ৰাজপথত পত্নীৰ জ্যেষ্ঠ ভগ্নীক মাৰধৰ কৰাৰ লগতে ভয় ভাবুদি প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতে এই ঘটনা ৰাজহুৱা কৰিছিল বিষয়াগৰাকীৰ পত্নীৰ ভগ্নীয়ে ৷ সেইদিনাই আৰক্ষীৰ কাষ চাপি ঘটনাৰ বিষয়ে অৱগত কৰিছিল পত্নীৰ ভগ্নীয়ে (Allegation against ASC officer harrash wife) ৷

ইফালে সেইদিনাই মুকুল কাথাৰে শহুৰৰ ঘৰত পত্নী থকা বুলি খবৰ পাই তালৈ গৈ পত্নীক দাবী ধমকি দি চোতালত এক ৰাউণ্ড গুলী ফুটাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ পিচতে নিশাই পত্নীৰ ভগ্নীয়ে ডিফু থানাত এখন এজাহাৰ দিয়ে ৷

পৰৱৰ্তী সময়ত যোৱা ২৩ এপ্ৰিলত কাথাৰৰ পত্নী লিনদালিং টেৰণপীয়েও ডিফু থানাত গোচৰ তৰে ৷ সেইদিনাই আৰক্ষীয়ে মুকুল কাথাৰৰ ৰিভলভাৰটো জব্দ কৰে ৷ তেতিয়াৰে পৰা বিষয়াগৰাকী পলাই আছে বুলি জানিব পৰা গৈছিল ৷ বিষয়াগৰাকীৰ পত্নীয়ে মুকুল কাথাৰে তেওঁৰ ওপৰত শাৰীৰিক, মানসিক অত্যাচাৰ চলোৱাৰ ভিডিঅ’সহ প্ৰমাণ আৰক্ষীক জমা দিছিল ৷

শেহতীয়াকৈ মুকুল কাথাৰে সত্ৰ ন্যায়ালয়ত তেওঁৰ জামিন আবেদন দাখিল কৰিছিল যদিও আবেদন খাৰিজ হয় ৷ সম্প্ৰতি কাথাৰে উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছে বুলি জানিব পৰা গৈছে । অহা মঙলবাৰে এই আবেদনৰ ৰায়দান দিব উচ্চ ন্যায়ালয়ে ৷ যদি উচ্চ ন্যায়ালয়ে এইবাৰো জামিন আবেদন খাৰিজ কৰাৰ ফলত তেওঁ জামিন লাভ নকৰে তেন্তে তেওঁৰ হাতত আত্মসমৰ্পণৰ বাহিৰে কোনো বিকল্প নাথাকিব ৷

ইয়াৰ মাজতে অসম চৰকাৰৰ পাৰচনেল বিভাগে মুকুল কাথাৰক পৰিষদৰ ডেপুটেচৰ পৰা অব্যাহতি দিছে ৷ ইফালে জিলা প্ৰশাসনে বিষয়া গৰাকীৰ ৰিভলভাৰটোৰো অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ৷ আনকি কিছু লোকে মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষা দিয়াৰ অভিযোগো উত্থাপন কৰিছিল ৷

দেওবাৰে এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, এয়া পতি-পত্নীৰ কাজিয়া ৷ আপোনাৰ ঘৰতো কেতিয়াবা কাজিয়া হয় ৷ সেয়ে এই সন্দৰ্ভত মই একো নকও ৷ অসম চৰকাৰে ডেপুটেচন উঠাই ল’লে তেওঁ যাব লাগিব ৷ বৰ্তমান তেওঁ ছুটীত আছে ৷ মুকুল কাথাৰক কোনো ৰাজনৈতিক সুৰক্ষা দিয়া হোৱা নাই ৷ ইতিমধ্যে বিতৰ্কিত এচিএছ বিষয়া মুকুল কাথাৰক এক নিৰ্দেশনাযোগে অসম চৰকাৰ পাৰ্চনেল (ক)বিভাগে বদলি কৰিছে বুলি জানিব পৰা গৈছে ৷

আনহাতে যোৱা 24 এপ্ৰিলত বিষয়াজনৰ বিৰুদ্ধে পত্নীয়ে কৰা গোচৰকলৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এখন সংবাদমেলযোগে বিষয়টোক লৈ আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ কথা সদৰী কৰিছিল ৷

লগতে পঢ়ক: Mann Ki Baat in Dhubri: গণ ৰোষত পৰাৰ ভয়ত কংগ্ৰেছে AIUDF ৰ সৈতে আচল মিত্ৰতা লুকুৱাই ৰাখিছে; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.