ETV Bharat / state

বকলীয়াঘাটত শোকাবহ পথ দুৰ্ঘটনা, নিহত 2

author img

By

Published : Feb 15, 2021, 8:56 PM IST

বকলীয়াঘাট থানাৰ অন্তৰ্গত পাট্ৰাদিছাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি আজি সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

accident-at-bokoliaghat-of-diphu
বকলীয়াঘাটত শোকাবহ পথ দুৰ্ঘটনাঃ নিহত 2 জন

ডিফু,15 ফেব্ৰুৱাৰী: বকলীয়াঘাট থানাৰ অন্তৰ্গত পাট্ৰাদিছাত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হয় দুজন যুৱক ৷ নিহত যুৱক দুজন ডিফুৰ লামডিং ৰোড নিবাসী ৱাইছং তিমুং (18) আৰু ডিফু পুলিচ ৰিজাৰ্ভ নিবাসী অষ্টিম তিচ’ (18) বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি আজি সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা প্ৰায় এঘাৰ বজাত ডিফুৰ দিশে গৈ থকা এখন নম্বৰ প্লেটবিহীন আপাচী মটৰচাইকেলে পথৰ দাঁতিত থকা এডাল গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় ৱাইছং তিমুং নামৰ মটৰচাইকেল আৰোহী গৰাকী ৷ আনহাতে দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হোৱা অষ্টিম তিচ’ক উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয় ৷

লগতে পঢ়কঃ পুঁজি বিচাৰি ৰাইজলৈ আহ্বান অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.