ETV Bharat / state

চুৰি গাড়ী সহ আৰক্ষীৰ জালত বৃহৎ গাড়ী চোৰ চক্ৰ

author img

By

Published : Jun 27, 2020, 8:29 PM IST

এই সম্পূৰ্ণ অভিযানত মুঠ, পাঁচ খন গাড়ী আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে চুৰিত জড়িত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত চোৰ কেইটা ক্ৰমে, প্ৰশান্ত সিং, ৰাজীৱ সিং, আব্দুল আৰু অজয় বিশ্বাস ৷

A gruop of thief arrested by Karbi anglong plice from Guwahati
কাৰ্বি আংলং আৰক্ষীৰ অভিযানত পাঁচখনকৈ চুৰি গাড়ী সহ বৃহৎ গাড়ী চোৰৰ চক্ৰ

ডিফু, 27 জুন: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ এখন চুৰি গাড়ী উদ্ধাৰৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ জালত পৰিছে গাড়ীচোৰৰ এটা বৃহৎ চক্ৰ ৷ লগতে উদ্ধাৰ হৈছে চুৰি হোৱা বহুকেইখন গাড়ীৰ লগতে এখন চুৰি মটৰ চাইকেল ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডাবিধি আইনৰ 379/411/468 ধাৰাত 18/20 নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত মাঞ্জাত এখন চুৰি ডাম্পাৰ সহ আৰক্ষীৰ জালত পৰে প্ৰশান্ত সিং ৷ ইয়াৰ পাছতে চালক জনক জেৰা কৰাত পোহৰলৈ আহে গাড়ী চুৰি চক্ৰৰ লগত জড়িত এটা বৃহৎ চক্ৰৰ তথ্য ৷

কাৰ্বি আংলং আৰক্ষীৰ অভিযানত পাঁচখনকৈ চুৰি গাড়ী সহ বৃহৎ গাড়ী চোৰৰ চক্ৰ

এই গাড়ী চুৰি চক্ৰটো গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত বুলি তথ্য লাভ কৰাৰ পাছতেই কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাসহ এটা আৰক্ষীৰ দ'ল গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে অভিযান চলাই চক্ৰটোৰ মূল নায়ক ৰাজীৱ সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, আটক হোৱা ৰাজীৱ সিঙে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ পিছফালে এটা অতিথিশালা চলাই আছিল ৷ উক্ত স্থানৰ পৰা আৰক্ষীয়ে এখন ৰয়েল এণ্ডফিল বাইকো উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, এই বাইকখন আব্দুল নামৰ এক ব্যক্তিয়ে মাঞ্জাৰ পৰা চুৰি কৰিছিল ৷ আৰক্ষীয়ে ইতিমধ্যেই কৰায়ত্ত কৰিছে আব্দুল নামৰ চোৰটোক ৷ ৰাজীৱ সিঙে স্বীকাৰ কৰা মতে, অজয় বিশ্বাস নামৰ আন এজন ব্যক্তি এই চুৰি কাণ্ডত জড়িত আছে ৷

A gruop of thief arrested by Karbi anglong plice from Guwahati
উদ্ধাৰ হোৱা বাহন সমুহৰ নম্বৰ প্লেট

সেই অজয় বিশ্বাসেই চুৰি ডাম্পাৰখন অৰ্পণ কৰিছিল ৰাজীৱ সিঙক ৷ ৰাজীৱ সিঙে দিয়া তথ্যৰ ভিত্তিতে মহানগৰীৰ অপৰাধ অনুসন্ধান শাখাই মাঞ্জা আৰক্ষীৰ সহযোগত অভিযান চলাই অজয় বিশ্বাসকো কৰায়ত্ত কৰে ৷ আনহাতে এই অভিযানত অজয় বিশ্বাসৰ নেতৃত্বত চুৰি কৰা আন তিনিখনকৈ গাড়ী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা গাড়ীকেইখনৰ দুখন ক্ৰেটা, এখন বলেৰো আৰু এখন আই ২০ বুলি জনাইছে আৰক্ষীয়ে ৷ প্ৰতীক্ষা হাস্পতালৰ কাষতে থকা আন এটা অতিথিশালাৰ পৰা উদ্ধাৰ কৰা হয় এই চুৰি হোৱা গাড়ী কেইখন ৷ এই সম্পূৰ্ণ অভিযানত মুঠ, পাঁচ খন গাড়ী আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে চুৰিত জড়িত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ধৃত চোৰ কেইটা ক্ৰমে, প্ৰশান্ত সিং, ৰাজীৱ সিং, আব্দুল আৰু অজয় বিশ্বাস ৷

লগতে পঢ়কঃ বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.