ETV Bharat / state

নৱ নিৰ্বাচিত বিধায়কক শুভেচ্ছা জ্ঞাপন কাৰ্বি জিলা বড়ো অগ্ৰণী সংগঠনৰ

author img

By

Published : May 6, 2021, 11:02 PM IST

নৱ নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা জ্ঞাপন কাৰ্বি জিলা বড়ো অগ্ৰণী সংগঠনৰ
নৱ নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা জ্ঞাপন কাৰ্বি জিলা বড়ো অগ্ৰণী সংগঠনৰ

কাৰ্বি আংলং জিলাৰ চাৰি নৱ-নিৰ্বাচিত বিজেপি বিধায়কলৈ অভিনন্দন জ্ঞাপন কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠনৰ ৷ বিজেপি নেতৃত্বাধীন অসম চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব বুলি আশা প্ৰকাশ কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দৰ ৷

ডিফু, ৬ মে': সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰা কাৰ্বি আংলং জিলাৰ চাৰি গৰাকী বিধায়কক উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছে কাৰ্বি আংলং জিলাৰ বড়ো ৰাইজৰ হৈ জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই । বৃহস্পতিবাৰে লাংহিন নগৰস্থিত কাৰ্বি আংলং জিলাৰ প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ কাৰ্যালয়ত জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দৰ এক সভাৰ জৰিয়তে বিজেপি দলৰ হৈ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা ডা:নোমল মমিন, ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা দৰছিং ৰংহাং, ১৯ নং ডিফু বিধানসভা সমষ্টিৰ পৰা বিদ্যাছিং ইংলেং আৰু ২০ নং বৈঠালাংছ' বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰা ৰূপছিং টেৰণক অভিনন্দন জ্ঞাপন কৰা হয় ।

নৱ নিৰ্বাচিত বিধায়কক শুভেচ্ছা জ্ঞাপন কাৰ্বি জিলা বড়ো অগ্ৰণী সংগঠনৰ

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাত বসবাস কৰা সমগ্ৰ বড়ো ৰাইজে এই বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থিক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল । তাৰোপৰি বি টি আৰৰ বিজয়ী বিজেপি বিধায়ক সকলকো অভিনন্দন জ্ঞাপন কৰে বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই । অন্যহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰাজ্যত কৰ'ণা মহামাৰীৰ বাবে বিধায়ক সকলৰ কাষত গৈ আদৰণি জনোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত দুখ প্ৰকাশ কৰে অগ্ৰণী সংগঠন সমূহৰ হৈ কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰীয়ে ।

লগতে অতি সোনকালে গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ আহ্বান জনায় । বিশেষকৈ ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই ।

লগতে পঢ়ক : এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.