ETV Bharat / state

স্বয়ম আঁচনিৰ দ্বাৰা কাৰ্বি আংলঙৰ ২৭৩ টা আত্মসহায়ক গােটলৈ সাহায্য

author img

By

Published : Jan 23, 2021, 6:43 AM IST

self help group
self help group

তাৰালাংছ’ত আয়ােজিত যুৱ সৱলীকৰণ প্রকল্প স্বয়ম আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ । এই প্রকল্পৰ জৰিয়তে প্রথম পর্যায়ত কার্বি আংলং জিলাৰ ২৭৩ টা আত্ম সহায়ক গােটক সাহায্য প্রদান কৰা হয় ।

ডিফু, ২২ জানুৱাৰী : বিজেপি চৰকাৰৰ দিনতেই সর্বস্তৰৰ জনতাৰ উন্নয়ন হৈছে । এই দাবী কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ । এই ধাৰা অব্যাহত ৰখাৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠনৰ আহ্বান জনাই মুখ্য কার্যবাহী সদস্যগৰকীয়ে । শুকুৰবাৰে ডিফুৰ তাৰালাংছত অসম চৰকাৰৰ যুৱ সৱলীকৰণ প্রকল্প স্বয়ম আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কৰি এই মন্তব্য কৰে ৰংহাঙে ।

তাৰালাংছত আয়ােজিত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ প্রকল্পৰ আনুষ্ঠানিক উদ্বোধন কার্যসূচীত মুখ্য কার্যবাহী সদস্যগৰাকীৰ উপৰিও উপস্থিত থাকে সাংসদ হৰেণছিং বে', জিলা উপাযুক্ত চন্দ্রধ্বজ সিনহা । এই প্রকল্পৰ জৰিয়তে প্রথম পর্যায়ত কার্বি আংলং জিলাৰ ২৭৩ টা আত্ম সহায়ক গােটক সাহায্য প্রদান কৰা হয় । প্রতিটো আত্মসহায়ক গােটৰ প্রতিজন ব্যক্তিক ৫० হেজাৰ টকা প্রদান কৰা হ’ব । ইয়াৰ প্রথম পর্যায়ৰ ৩০ হাজাৰ টকা শুকুৰবাৰে প্রদান কৰা হয় । বাকী ২০ হেজাৰ টকা প্রদান কৰা হ’ব পৰৱৰ্তী সময়ত । এই ধনৰ জৰিয়তে পশু পালন, কুটীৰ শিল্প আদিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে চৰকাৰে আঁচনি প্রদান কৰিছে ।

লগতে পঢ়ক : জেৰেঙাত সতী জয়মতীক অপমান নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান এটোৱা মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.