ETV Bharat / state

আন্তঃএম.এ.চি. কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম বিথুং দল

author img

By

Published : Dec 14, 2020, 9:29 PM IST

ডংকামোকামৰ ৱাইছং অত্যাধুনিক খেল পথাৰত ফ্লাড লাইটৰ মাজত হোৱা প্ৰথম এম এ চি ফুটবল প্ৰতিযোগিতাৰ দিবা-নৈশৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেল খনত দুয়োটা দলে মৰণপণ যুঁজ দিয়ে যদিও লুম্বাজং ফুটবল দলে বৰজান ফুটবল দলক হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

1ST INTER MAC CLUB FOOTBALL SEMI FINAL
আন্তঃএম.এ.চি. কাপ ফুটবল প্ৰতিযোগীতা ২০২০ৰ দ্বিতীয় ছেমিফাইনেল সম্পন্ন

ডিফু, ১৪ ডিচেম্বৰৰ : ২ ডিচেম্বৰৰ পৰা ডিফুৰ কাছা খেল পথাৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম ৱাইচং খেল পথাৰত চলি থকা প্ৰথম আন্তঃ এমএচি ফুটবল চেম্পিয়নশ্বিপ ২০২০ৰ সোমবাৰে দ্বিতীয় খন হাই ভল্টেজ ছেমি ফাইনেল অনুষ্ঠিত হৈ যায় ৷ ডংকামোকামৰ ৱাইছং অত্যাধুনিক খেল পথাৰত ফ্লাড লাইটৰ মাজত হোৱা এম এ চি ফুটবল প্ৰতিযোগিতাৰ দিবা-নৈশৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেল খনত দুয়োটা দলে মৰণপণ যুঁজ দিয়ে যদিও লুম্বাজং ফুটবল দলে বৰজান ফুটবল দলক হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

কাৰ্বি আংলং ক্ৰীড়া সন্থা চমুকৈ কাছাৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত ৯০ মিনিটৰ সম্পূৰ্ণ খেলখনত উভয় দলে তীব্ৰ প্ৰতিদ্বন্দিতামূলক আৰু উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি দৰ্শক সকলক আমোদ দিবলৈ সক্ষম হয় ৷ খেল খনৰ প্ৰতিটো মূহুৰ্ততে দুয়োটা দলৰ মাজত প্ৰতিদ্বন্দিতা তুংগত আছিল ৷

1ST INTER MAC CLUB FOOTBALL SEMI FINAL
আন্তঃএম.এ.চি. কাপ ফুটবল প্ৰতিযোগীতা ২০২০ৰ দ্বিতীয় ছেমিফাইনেল সম্পন্ন

খেলৰ প্ৰথমাৰ্ধৰ ২৯ মিনিটত লুম্বাজঙৰ লাচিত বৰাই বৰজানৰ নেটত প্ৰথমটো গ’ল দি দলক ১-০ৰ অগ্ৰদতি প্ৰদান কৰে ৷ বৰজান দলৰ খেলুৱৈ সকলে আপ্ৰাণ চেষ্টা ককিও খেলত সমতা স্থাপন কৰিবলৈ ব্যৰ্থ হয়, ফলত লুম্বাজং দল ১-০ ত বিজয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে ৷ অহা ১৮ ডিচেম্বৰত ডংকামোকামৰ ৱাইচং খেলপথাৰত লুম্বাজং আৰু বিথুং দলৰ মাজত প্ৰতিদ্বন্দিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব ৷

দ্বিতীয় ছেমিফাইনেল খেলখনত শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰাৰ বাবে লুম্বাজং দলৰ গ'ল ৰক্ষক ৰাকেশ ক্ৰ'ক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে ৷ খেলখন পৰিচালনা কৰে জিৰচং বে'ই, তেওঁক লাইনত সহায় কৰে ক্ৰমে, শুকলাল মণ্ডল আৰু বেনিষ্টন মাৰাকে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত থাকে কাবন মিলি টিচ'পী ৷
লগতে পঢ়ক: পেটৰ তাড়নাত বনকৰা হিচাপে কৰ্মৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.