ETV Bharat / state

ক’ভিড নিয়ন্ত্ৰণৰ বাবে এতিয়া ঈশ্বৰে ভৰসা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ !

author img

By

Published : Aug 26, 2021, 12:24 PM IST

WHO ক তুলাধূনা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ মন্ত্ৰীগৰাকীয়ে ক’লে- বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীয়ে লেকচাৰ বেছি মাৰে ৷ ক’ভিডৰ ঔষধ আৱিস্কাৰতো ব্যৰ্থ বিশ্বৰ বৃহত্তম সংস্থাটো ৷ ৰাজ্য চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰীগৰাকী কিহৰ বাবেনো ইমান খঙাল হৈ পৰিল WHO ৰ বিৰুদ্ধে, চাওক এই প্ৰতিবেদনত-

WHO is termed as a failure according to Minister Chandra Mohan Patwari
"বিশ্ব স্বাস্থ্য সংস্থা" ক তুচ্ছ তাচিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

আমিনগাঁও, 26 আগষ্ট : "বিশ্ব স্বাস্থ্য সংস্থা" ৰ ওপৰত অলপো বিশ্বাস নাই ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । ক'ভিডৰ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্ববাসীয়ে বিশ্ব স্বাস্থ্য সংস্থাটোৰ ওপৰত আগ্ৰহেৰে বাট চাই থকাৰ সময়তো সংস্থাটোৱে ক'ভিড প্ৰতিৰোধৰ ঔষধ আৱিষ্কাৰ কৰাত চৰম ব্যৰ্থ হৈছে । তাৰ বিপৰীতে সংস্থাটোৱে বিশ্ববাসীক ক'ভিডৰ ভয় খুৱাই সকলোকে আতংকিত কৰি ৰাখিছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ ক'ভিড 19 বিধৱা সাহায্য আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ জিলাৰ আমিনগাঁৱত 80 গৰাকী বিধৱা মহিলাৰ মাজত 2.5 লাখকৈ টকাৰ চেক বিতৰণ কৰি "বিশ্ব স্বাস্থ্য সংস্থা"ক বিভিন্ন শব্দৰে চোকা সমালোচনা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

বিশ্ব স্বাস্থ্য সংস্থা" ক তুচ্ছ-তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰমোহনৰ

মন্ত্ৰী পাটোৱাৰীৰ মতে, সংস্থাৰ বিজ্ঞানীসকলে ঔষধ প্ৰস্তুত কৰাৰ পৰা বিৰত থাকি জনসাধাৰণক আতংকিতহে কৰে ৷ ক'ভিডৰ ঔষধ উলিয়াব নোৱাৰাৰ বাবেই ভেকচিন লোৱাৰ পিছতো ক'ভিডত মানুহৰ মৃত্যু হৈছে । এতিয়া প্ৰকৃতিৰ ওচৰত মানুহে হাৰ মানিবলগীয়া হৈছে ।

বিশ্বৰ উন্নত দেশসমূহৰ লোকসকলেও ক'ভিডত আক্ৰান্ত হোৱাই নহয়, মৃত্যুমুখতো পৰিছে । এনে জটিল পৰিস্থিতিত পৃথিৱীৰ সকলো মানুহে সংস্থাটোৰ ফালে চাই থকাৰ সময়ত সংস্থাটো নিমাত হৈ আছে ।

who-is-termed-as-a-failure-according-to-minister-chandra-mohan-patwari
মুখ্যমন্ত্ৰীৰ ক'ভিড 19 বিধৱা সাহায্য আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাটোৰ বাবে কোটি কোটি বিলিয়ন ডলাৰ খৰচ কৰাৰ কোনো যুক্তি নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে । কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উদ্দেশ্যে ব্যাখ্যাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই মন্ত্ৰী চন্দ্ৰমোহনৰ বক্তব্যৰ সমৰ্থন কৰে ।

আনহাতে, বাছ ভাৰা বৃদ্ধিক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়, 'বাছ ভাৰা বৃদ্ধিক লৈ শংকিত হোৱাৰ কাৰণ নাই' ৷ কামৰূপৰ জিলা সদৰ আমিনগাঁৱৰ সংহত উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত উক্ত অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বাছত যাত্ৰা কৰা সাধাৰণ যাত্ৰীসকলক ক’ভিড সৃষ্ট পৰিৱেশৰ সময়ত মাধমাৰ দিয়াটো চৰকাৰৰ উদ্দেশ্য নহয় বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.