ETV Bharat / state

আচিক আলীৰ পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত গাঁৱৰ সভাপতিৰ স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:13 PM IST

আচিক আলীৰ মৃতদেহ উদ্ধাৰৰ পাচত সঁচাকৈয়ে পৰিয়ালটোক এঘৰীয়া কৰিলে নেকি দক্ষিণ কামৰূপৰ ভোলাগাঁও বহুৱা ৰাইজে ? সকলো সুবিধাৰ পৰা পৰিয়ালটোক বঞ্চিত কৰাৰ অভিযোগ কিমান সত্য ?

ostracize family in South Kamrup
ভোলাগাঁও বহুৱা ৰাইজৰ সভাপতি চিৰাজ আলীৰ স্পষ্টিকৰণ

ভোলাগাঁও বহুৱা ৰাইজৰ সভাপতি চিৰাজ আলীৰ স্পষ্টিকৰণ

মিৰ্জা, 9 ডিচেম্বৰ : ৰাইজৰ সভাপতিৰ বাসগৃহৰ চৌহদত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাচতে মৃত যুৱকজনৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ মিৰ্জাৰ উক্ত ঘটনাটোৱে সংবাদ মাধ্যমৰ বাতৰিতো স্থান লাভ কৰিছিল ৷ 7 ডিচেম্বৰত মৃত যুৱকজনৰ পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে শনিবাৰে বিষয়টোৰ সন্দৰ্ভত স্পষ্টিকৰণ দিয়ে ৰাইজৰ সভাপতিগৰাকীয়ে ৷

প্ৰায় তিনি বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ ভোলাগাঁও বহুৱা ৰাইজৰ সভাপতি চিৰাজ আলীৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছিল আচিক আলী নামৰ এজন যুৱকৰ মৃতদেহ । তাৰ পাচতে ঘটনাত চিৰাজ আলীৰ নাম সাঙোৰ খোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ তিনিগৰাকী আত্মীয় ৰঙাঘৰৰ আলহী হৈছিল ৷

পৰৱৰ্তী সময়ত মৃত যুৱকজনৰ পৰিয়ালক ক্ৰমান্বয়ে সমাজৰ পৰা বহিস্কাৰ কৰাৰ দৰে হ’বলৈ ধৰে ৷ ফলত মৃত যুৱকজনৰ অসহায় মাতৃয়ে এসাঁজ অন্নৰ বাবে, চিকিৎসাৰ বাবে আৰু পৰিয়ালটোৰ নিৰপত্তাৰ বাবে কান্দিবলগীয়া হয় । ভোলাগাঁও বহুৱা ৰাইজৰ আক্ৰোশৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে ।

গাঁওখনৰ কোনো লোকে উক্ত পৰিয়ালটোৰ সদস্যক মাতবোল কৰিলেই দহ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া হ’ব বুলিও খবৰ ওলাইছিল ৷ যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয়সকলেও উপায়ন্তৰ হৈও ৰাইজৰ সৈতে সম্পৰ্ক এৰা বুলি জানিব পৰা গৈছে ৷

আনহাতে বজাৰ সমাৰ কৰিবলৈও তেওঁলোকে গাঁৱৰ দোকানলৈ যাব নোৱৰাৰ লগতে যিকোনো বিপদৰ সময়ত কোনো লোকৰ সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি সুলভ মূল্যৰ চৰকাৰী চাউলো বন্ধ কৰি দিয়া হৈছে বুলি পৰিয়ালটোৰ লোকে জানিবলৈ দিছে ।

ৰাণী ভোলাগাঁও সমবায় সমিতিৰ কাৰ্যালয়ত কৰ্মৰত পৰিয়ালটোৰ যুৱক জব্বৰ আলীকো কোনো কাৰণ নোহোৱাকৈয়ে কামৰ পৰা অব্যাহতি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে । উক্ত গাঁওখনতে থকা প্ৰাথমিক বিদ্যালয়খনত ৰান্ধনী হিচাবে কৰ্মৰত মাতৃগৰাকীকো হঠাতে কামৰ পৰা অব্যাহতি দিয়া হয় ।

আনকি গাঁওখনত থকা সৰু পুত্ৰৰ দোকানখনো বন্ধ কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে । ফলত এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে পৰিয়ালটোৱে ৷ সমগ্ৰ অভিযোগৰ সন্দৰ্ভত শুকুৰবাৰে স্পষ্টিকৰণ দিয়ে গাঁওখনৰ সভাপতি চিৰাজ আলীয়ে । পৰিয়ালটোৱে কৰা সকলো অভিযোগ মিছা বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : নাতি হেৰুৱালে, এতিয়া ভয় পুত্ৰক হেৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.