ETV Bharat / state

বিটিচি নিৰ্বাচনত ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান উলামা কাউঞ্চিলৰ

author img

By

Published : Dec 7, 2020, 8:59 AM IST

ulama council
ইউপিপিএললৈ উলামা কাউঞ্চিলৰ মুকলি সমৰ্থন

ইউপিপিএললৈ উলামা কাউঞ্চিলৰ মুকলি সমৰ্থন ৷ বিপিএফে সংখ্যালঘু সকলক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন উলামা কাউঞ্চিলৰ ৷ 15 বছৰে বিপিএফে সংখ্যালঘু লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ ৷ বিটিচি নিৰ্বাচনত সংখ্যালঘু লোকসকলক ইউপিপিএলত ভোট দিয়াৰ বাবে আহ্বান কাউঞ্চিলৰ ৷

ৰঙিয়া, 7 ডিচেম্বৰ: বিপিএফে বিটিচিত সংখ্যালঘু লোকসকলক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি ইউপিপিএললৈ মুকলি সমৰ্থন আগবঢ়ালে উলামা কাউঞ্চিলে ৷ দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কাউঞ্চিলে বিপিএফৰ বিৰুদ্ধে 15 বছৰে বিটিচিত সংখ্যালঘু লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৷

বিপিএফৰ বিৰুদ্ধে সংখ্যালঘু লোকসকলক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি কাউঞ্চিলে বিটিচিৰ নিৰ্বাচনত সংখ্যালঘু লোকসকলক ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান জনায় ৷ সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ অসমৰ ৰাজ‍্যিক সভাপতি উবাইদুৰ ৰহমান কাছিমীয়ে অভিযোগ উত্থাপন কৰি কয় যে, সংখ্যালঘু লোকসকলৰ উন্নয়ন তথা বিকাশৰ বাবে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মুঠেও চিন্তিত নহয় ৷

তেওঁ অভিযোগ কৰে যে, প্ৰায় এমাহ পূৰ্বে তেওঁলোকে নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন বিটিচি প্ৰধানগৰাকীক লগ কৰিছিল আৰু বিটিচিত বাস কৰা সংখ‍্যালঘুসকলৰ উন্নয়নৰ বাবে মুঠ সাতটা দাবীৰে এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ বিষয়টোৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি অৱশেষত কাউঞ্চিলে ইউপিপিএললৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ লগতে সংখ্যালঘু লোক সকলক ইউপিপিএলক ভোট দিবৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.