ETV Bharat / state

একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

author img

By

Published : Dec 6, 2020, 10:59 PM IST

chirang-congress-aiudf-joint-meeting
একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে চিৰাঙৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ এআইডিইউএফৰ মনোনীত আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ প্ৰচাৰৰ বাবে চিৰাং জিলাৰ আলুখুন্দাত একেখন মঞ্চত উপস্থিত হয় এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ।

চিৰাং, 6 ডিচেম্বৰ : চিৰাঙৰ আলুখুন্দাত একেখন মঞ্চত নিৰ্বাচনী প্ৰচাৰত বদৰুদ্দিন আজমল, ৰিপুন বৰা আৰু ৰকিবুল হুছেইন । বিজেপি, বিপিএফক তীব্ৰ সমালোচনা দুয়োটা দলৰে নেতৃবৃন্দৰ । বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে চিৰাঙৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ এআইডিইউএফৰ মনোনীত আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ প্ৰচাৰৰ বাবে চিৰাং জিলাৰ আলুখুন্দাত একেখন মঞ্চত উপস্থিত হয় এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন । সভাত বদৰুদ্দিন আজমলে বিটিচিৰ পৰা বিজেপি দল ধুলিসাৎ হব বুলিও মন্তব্য কৰে ।

একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

আনহাতে বিটিচিত কংগ্ৰেছ আৰু এআইডিইউএফৰ দল সৰ্ববৃহৎ দল হ‘ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

একেখন সভাতে উপস্থিত থাকি জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দন ব্ৰহ্মই দুয়োজনে দুয়োজনৰ দুৰ্নীতি ফাদিল কৰি থকাৰ বাবে তদন্ত কৰিবলৈ আহ্বান জনায় । লগতে হিমন্ত বিশ্ব শৰ্মাই সৰু লৰাৰ দৰে আচৰণ কৰি নাচি বাগি আছে বুলিও ইতিকিং কৰে হাফিজ ৰফিকুল ইছলামে ।

একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

সভাত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজক এআইডিইউএফ আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় নেতাসকলে । সভাত জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, ধুবুৰীৰ বিধায়ক নাজিবুল ওমৰ উপস্থিত থাকে ।
লগতে পঢ়ক: বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.