ETV Bharat / state

বকো-হাহিম পথত দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Nov 19, 2020, 1:07 PM IST

two-truck-with-illegal-cow-seized-at-boko
বকো-হাহিম পথত দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ

প্ৰতিখন ট্ৰাকত প্ৰায় ৪০ টাকৈ গৰু কঢ়িয়াই নিছিল সৰৱৰাহকাৰীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

বকো, 19 নৱেম্বৰ: আৰক্ষীৰ দৈনিক টহল আৰু পহৰা থকাৰ মাজতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ এটা অসাধু চক্ৰৰ তত্ত্বাৱধানত নিতৌ বহিঃৰাজ্যলৈ সৰৱৰাহ হৈ আছে শ-শ গৰু ৷ ইয়াৰ মাজতে বুধবাৰে নিশা আৰক্ষীৰ তালাচীত বকো-হাহিম পথত জব্দ গৰু সৰবৰাহ কৰা দুখন ট্ৰাক ৷ প্ৰতিখন ট্ৰাকত প্ৰায় ৪০ টাকৈ গৰু কঢ়িয়াই নিছিল সৰৱৰাহকাৰীয়ে ৷

two-truck-with-illegal-cow-seized-at-boko
বকো-হাহিম পথত দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ

উল্লেখ্য যে, উক্ত গৰু কেইটা গোৱালপাৰাৰ পৰা বকো-হাহিম পথেৰে মেঘালয়লৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল অসাধু ব্যৱসায়ীয়ে ৷ বকো আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল যদিও জব্দ কৰে সৰৱৰাহ কৰা দুখন ট্ৰাক ৷ জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে AS 25 EC 3993 আৰু AS 01 MC 1392 ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

two-truck-with-illegal-cow-seized-at-boko
অবৈধভাৱে সৰৱৰাহ কৰা গৰু

লগতে পঢ়কঃ পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.