ETV Bharat / state

চাংসাৰীত আটক বহিঃৰাজ্যৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : May 24, 2021, 6:06 PM IST

কামৰূপ জিলাৰ চাংসাৰীত আটক ড্ৰাগছ ব্যৱসায়ী ৷ আটক টুন টুন ৰেজ্জাক আৰু চটু জা নামৰ বিহাৰৰ দুজন যুৱক ৷ উদ্ধাৰ কৰা হয় তিনি লক্ষাধিক টকাৰ ড্ৰাগছ ৷

two-drugs-peddler-arrested-in-changsari
চাংসাৰীত আটক বহি: ৰাজ্যৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

কামৰূপ, 24 মে': কৰ’ণা মহামাৰীৰ ফলত চৰকাৰে ঘোষণা কৰা লকডাউনৰ সুবিধা লৈ একাংশ অবৈধ ব্যৱসায়ীয়ে ৰাজ্যখনত চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ এইবাৰ ড্ৰাগছ ব্যৱসায়ীক আটক কৰা ঘটনা পোহৰলৈ আহিছে কামৰূপ জিলাৰ চাংসাৰীত ৷

চাংসাৰীত আটক বহি: ৰাজ্যৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

বহিঃৰাজ্যৰ যুৱকে আহি কামৰূপত চলাই গৈছে ড্ৰাগছৰ এই বেহা ৷ বিহাৰৰ পৰা আহি গুৱাহাটী মহানগৰীত বাহৰ পাতি মহানগৰীৰ পাশ্বৱৰ্তী এলেকাত আৰম্ভ কৰিছে ড্ৰাগছৰ বেহা ।

কামৰূপৰ বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযানত চাংসাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ মাফিয়া । As 25BC 2158 নম্বৰৰ মালবাহী টেম্প’ত উদ্ধাৰ তিনি লক্ষাধিক টকাৰ ড্ৰাগছ । ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী বিহাৰৰ টুন টুন ৰেজ্জাক আৰু চটু জা ।

লগতে পঢ়ক : মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.