ETV Bharat / state

Boat competition at Kulshi river : কুলশী নৈত আয়োজন পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:55 PM IST

Traditional boat race in Kulshi river
পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

আজি লক্ষ্মী পূজা ৷ লক্ষ্মী পূজাৰ প্ৰাকক্ষণত (শুকুৰবাৰ) দক্ষিণ কামৰূপৰ ৰাভা জনগোষ্ঠীয় অধ্যুষিত বৃহত্তৰ কুলশী অঞ্চলত আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত জোনবাই নাও দলে প্ৰথম, জোনতৰা নাও দলে দ্বিতীয় আৰু জয়শ্ৰীৰাম নাও দলে তৃতীয় পুৰস্কাৰ লাভ কৰে ।

পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

বকো, 28 অক্টোবৰ : বিগত বছৰৰ দৰে এইবেলিও দক্ষিণ কামৰূপৰ ৰাভা জনগোষ্ঠীয় অধ্যুষিত বৃহত্তৰ কুলশী অঞ্চলবাসীৰ জন-জীৱনৰ আয়ুসৰেখা কুলশী নৈত লক্ষ্মী পূজাৰ প্ৰাকক্ষণত অৰ্থাৎ শুকুৰবাৰে আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা । কুলশী ইউথ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এই ব্যতিক্ৰমী নাওখেল প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ দক্ষিণ কামৰূপৰ উপৰি প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পৰাও প্ৰায় অৰ্ধলক্ষাধিক লোক কুলশীৰ নৈৰ দুই পাৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, এইবেলি এই নাওখেল প্ৰতিযোগিতাখনিয়ে গৰকিলে 50 টাকৈ বৰ্ষ ৷ এই সাণোলী জয়ন্তী উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । পুৱা পতাকা উত্তোলনেৰে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে আদৰণি সমিতিৰ সভাপতি তথা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ ৰাভাই ।

লগতে স্মৃতি তৰ্পণ কৰে কুলশী ইউথ ক্লাৱৰ উপদেষ্টা বাদল ৰাভাই । ইপিনে বিয়লি 3 বজাৰ পৰা কুলশী নৈৰ পাৰত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাস্থলীত দর্শকৰ বিপুল জনসমাগম দেখি উৎসাহিত হৈ পৰে উদ্যোক্তাসকল ।

উল্লেখ্য যে, প্ৰত্যেক বছৰে নাওখেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ সংখ্যা কমি আহিলেও ইয়াৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে উদ্যোক্তাসকলে । উদ্যোক্তাসকলে প্ৰকাশ কৰা অনুসৰি, এইবেলি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা 10 টাকৈ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

সন্ধিয়া ঘোষিত ফলাফলত নাওখেলত জোনবাই নাও দলে প্ৰথম, জোনতৰা নাও দলে দ্বিতীয় আৰু জয়শ্ৰীৰাম নাও দলে তৃতীয় পুৰস্কাৰ লাভ কৰে । প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ট্ৰফীৰ উপৰি ক্ৰমে 20001 , 15001 আৰু 10001 টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে উদ্যোক্তাসকলে ।

কুলশী নাওখেলৰ সোণালী জয়ন্তী বৰ্ষৰ মূল আদৰণি সমিতিৰ সভাপতি প্ৰদীপ ৰাভাই ৰাভাই কয় যে এনে পৰম্পৰাগত খেলৰ মাজেৰে জনজাতীয় অধ্যুষিত কুলশী অঞ্চলত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

তেওঁ কয় যে 1973 চনত প্ৰথমবাৰৰ বাবে কুলশী নৈত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷ অঞ্চলবাসী ৰাইজৰ সহায়-সহযোগিতাৰে কুলশী ইউথ ক্লাৱে এইবেলি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি সোণালী জয়ন্তী উদযাপন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.