ETV Bharat / state

দেওবাৰে অনুষ্ঠিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ 14তম বাৰ্ষিক অধিবেশন

author img

By

Published : Feb 28, 2021, 10:18 PM IST

Updated : Mar 2, 2021, 12:12 PM IST

বকোৰ পুখুৰীপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় দক্ষিণ কামৰূপ জিলা নিখিল বড়ো সন্থাৰ 14তম দ্বি-বাৰ্ষিক অধিবেশন আৰু লুকী বেকেলী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 39তম বাৰ্ষিক অভিৱৰ্তন ।

দেওবাৰে অনুষ্ঠিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ 14তম বাৰ্ষিক অধিবেশন
দেওবাৰে অনুষ্ঠিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ 14তম বাৰ্ষিক অধিবেশন

বকো,28 ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ বকোৰ পুখুৰীপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় দক্ষিণ কামৰূপ জিলা নিখিল বড়ো সন্থাৰ 14তম দ্বি-বাৰ্ষিক অধিবেশন আৰু লুকী বেকেলী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 39তম বাৰ্ষিক অভিৱৰ্তন । দেওবাৰৰ পৰা আৰম্ভ হোৱা অধিবেশন আৰু অভিৱৰ্তনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ ব্ৰহ্মকে ধৰি সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

এই কাৰ্যসূচীত বিভিন্ন শৈক্ষিক, সামাজিক সমস্যাৰাজিৰ লগতে বড়ো জাতি গঠন সম্পৰ্কে বিভিন্ন আলোচনা কৰে ৷ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে কয় যে, গঠন হোৱা বড়ো কছাৰি স্বায়ত্ত শাসিত পৰিষদখনক আগন্তুক সময়ত এটি অৰাজনৈতিক সংগঠন গঠন কৰি উন্নয়নৰ কাম কৰিব ।

লগতে পঢ়ক:নিৰ্বাচনক লৈ সাজু ধেমাজি জিলা প্ৰশাসন

Last Updated : Mar 2, 2021, 12:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.