ETV Bharat / state

গৰুভৰ্তি বাহন ৰখোৱাৰ বাবেই বাইহাটাত মহিলাৰ বাহনত আক্ৰমণ

author img

By

Published : Jun 30, 2022, 10:54 PM IST

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত গৰুভৰ্তি বাহন ৰখোৱাক কেন্দ্ৰ কৰি উত্তেজনা (Tension over stopping of cattle loaded vehicles)। মান্দাকাটাস্থিত ধ্যান ফাউণ্ডেচন গোশালাৰ স্বত্বাধিকাৰী গায়ত্ৰী কাপুৰৰ বাহন আক্ৰমণ । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰুসহ বাহন জব্দ কৰে ।

cattle
বাইহাটাত মহিলাৰ ব্যক্তিগত বাহনত আক্ৰমণ

বাইহাটা চাৰিআলি,৩০ জুন : ৰাজ্যত গৰু চিণ্ডিকেট চক্ৰ এতিয়াও সক্ৰিয় হৈ আছে (Cattle syndicate in Assam)। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংকৈ সৰবৰাহ কৰা গৰু জব্দ কৰিছে আৰক্ষীয়ে । ইয়াৰ পাছতো গৰু চিণ্ডিকেট চক্ৰই এই কাৰ্যকলাপ অব্যাহত ৰাখিছে । গৰুৰ চোৰাং সৰবৰাহৰ বাবে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে চক্ৰটোৱে । ইফালে অসমৰ মাজেৰে বাংলাদেশ আৰু বহিঃৰাজ্যলৈও এই চক্ৰটোৱে গৰু সৰবৰাহ অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত গৰু সৰবৰাহক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গৰুভৰ্তি বাহন ৰখাই বিপদত পৰিল এগৰাকী মহিলা (Woman in danger after stopping a vehicle full of cows)। একাংশ লোকে মহিলাগৰাকীৰ বাহন আক্ৰমণ কৰাত অধিক উত্তপ্ত হৈ পৰে পৰিৱেশ ।

ঘটনাটো বাইহাটা চাৰিআলিৰ সমীপৰ বেজেৰা-উত্তৰ গুৱাহাটী সংযোগী পথত সংঘটিত হৈছে । ভুক্তভোগী মহিলাগৰাকী হৈছে মান্দাকাটাত থকা ধ্যান ফাউণ্ডেচন নামৰ গোশালাখনৰ স্বত্বাধিকাৰী গায়ত্ৰী কাপুৰ । গায়ত্ৰী কাপুৰে জনোৱা মতে গৰুভৰ্তি এখন বাহন প্ৰত্যক্ষ কৰাৰ পাছতে তেওঁ বাহনখন ৰখাই আৰক্ষীক খবৰ দিয়ে । অভিযোগ অনুসৰি AS-25-DC-6166 নম্বৰৰ বাহনখনত অতি বিপদজনকভাৱে ৭টাকৈ গৰু সৰবৰাহ কৰা হৈছিল ।

কিন্তু আৰক্ষীক খবৰ দিয়াৰ পাছতে একাংশ লোকে তেওঁ উভতি ধৰে । গৰুভৰ্তি বাহনখন গায়ত্ৰী কাপুৰে আক্ৰোশমূলকভাৱে জব্দ কৰাৰ অভিযোগ তুলি লোকসকলে তেওঁৰ ব্যক্তিগত বাহনখনত আক্ৰমণ কৰে (Group of people attacked a vehicle in Baihata Chariali)। যাৰ ফলত গায়ত্ৰী কাপুৰৰ বাহনখনৰ বিস্তৰ ক্ষতি হয় । শিল-ইটা নিক্ষেপ কৰি বাহনখনৰ গ্লাছবোৰ ভাঙি পেলাই উত্তেজিত লোকসকলে ।

অৱশ্যে পৰৱৰ্তী সময়ত বাইহাটা চাৰিআলিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । গৰুসহ বাহনখন জব্দ কৰে আৰক্ষীয়ে (Cattle seized in Baihata Chariali)। লগতে গায়ত্ৰী কাপুৰৰ বাহনখনো আৰক্ষীয়ে উদ্ধাৰ কৰে । ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত গোশালাৰ স্বত্বাধিকাৰী গায়ত্ৰী কাপুৰে বাইহাটা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক :চেল্ফি উঠি ব্যৱসায়ীৰ মোবাইল লৈ উধাও গ্ৰাহকৰূপী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.