ETV Bharat / state

নিযুক্তিৰ পৰা বঞ্চিত একাংশ শিক্ষকৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান

author img

By

Published : Feb 9, 2021, 1:27 PM IST

দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো সমষ্টিৰ বঞ্চিত শিক্ষকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । সম্প্ৰতি এই বঞ্চিত তথা দুৰ্ভগীয়া শিক্ষকসকলৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান-নিজৰ লগতে লৰা-ছোৱালীকো জীয়াই থকাৰ সুবিধা কৰি দিয়ক ৷

নিযুক্তিৰ পৰা বঞ্চিত একাংশ শিক্ষকৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান
নিযুক্তিৰ পৰা বঞ্চিত একাংশ শিক্ষকৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান

বকো, 9 ফেব্ৰুৱাৰীঃ ভেঞ্চাৰ শিক্ষকৰ নিযুক্তিক লৈ একাংশ বঞ্চিত শিক্ষকৰ মাজত আৰম্ভ হৈছে তীব্ৰ আৰ্তনাদ । নিযুক্তি পৰা বঞ্চিত শিক্ষকৰ হিয়া ভঙা কান্দোনে সকলোকে ব্যতিথ কৰিছে । নতুনকৈ নিযুক্তি পোৱা একাংশ শিক্ষক মাজত আনন্দৰ লহৰ বৈছে যদিও একাংশ বঞ্চিত শিক্ষকৰ অশ্ৰুসিক্ত নয়নেৰে উচপি উঠিছে । কিয়নো ২০ পৰা ৩০ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অহাৰ পিছতো বঞ্চিত হৈছে এই সকল দুৰ্ভগীয়া শিক্ষক ।

নিযুক্তিৰ পৰা বঞ্চিত একাংশ শিক্ষকৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান

দক্ষিণ কামৰূপৰ ছয়গাঁৱ আৰু বকো সমষ্টিৰ বঞ্চিত শিক্ষকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । সম্প্ৰতি এই বঞ্চিত তথা দুৰ্ভগীয়া শিক্ষকসকলৰ শিক্ষা মন্ত্ৰীলৈ কাতৰ আহ্বান- নিজৰ লগতে লৰা-ছোৱালীকো জীয়াই থকাৰ সুবিধা কৰি দিয়ক ৷

উল্লেখযোগ্য যে, বিশেষকৈ দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ড আৰু ছমৰীয়া শিক্ষা খণ্ডৰ বহু শিক্ষকে নিযুক্তিৰ পৰা বঞ্চিত হৈ ব্যথিত হৈ পৰা দেখা গৈছে । এতিয়া প্ৰশ্ন হয় এই বঞ্চিত শিক্ষক সকলৰ আৰ্তনাদ বুজি পাব নে চৰকাৰ তথা শিক্ষা বিভাগে ?

লগতে পঢ়কঃ মোদীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আগতে পূৰণ কৰকঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.